অসম

assam

ETV Bharat / state

নাজানে নিষেধাজ্ঞাৰ কথা ! বিনা অনুমতিত দ্ৰোণ উৰুৱাবলৈ গৈ আলৈ-আথানি পৰ্যটকৰ - KAZIRANGA NATIONAL PARK

কাজিৰঙাৰ এশিঙীয়া গঁড় চাবলৈ পৰ্যটকে সুযোগ লাভ কৰিলেও কিছুমান বিষয়ত আৰোপ কৰা আছে নিষেধাজ্ঞা । ভংগ কৰিলেই বিপদ ।

KAZIRANGA NATIONAL PARK
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 27, 2024, 6:43 PM IST

কাজিৰঙা :১৯৭৪ চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছতেই দেশ-বিদেশৰ পৰ্যটকৰ মাজত ইয়াৰ গুৰুত্ব বৃদ্ধি পায় ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিচিত কাজিৰঙাৰ অপৰূপ সৌন্দৰ্যৰ লগতে এশিঙীয়া গঁড় চাবলৈ বছৰি দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটে । কাজিৰঙাৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে নিষিদ্ধ কৰা হৈছে দ্ৰোণ আদি । ইয়াৰ মাজতেই বহুতেই ভংগ কৰি আহিছে কঠোৰ নিয়ম ।

এতিয়া কাজিৰঙাৰ কেউফালে পৰ্যটক ৷ কি হাতী ছাফাৰী, কি জীপ ছাফাৰী কেউফালে কেৱল পৰ্যটক আৰু পৰ্যটক ৷ দেশী-বিদেশী পৰ্যটক উপস্থিত হৈছে কাজিৰঙাত ৷ এই সময়তেই কাজিৰঙাৰ নৈসৰ্গিকত সৌন্দৰ্য উপভোগ কৰিছে পৰ্যটকে ৷ তাৰ মাজতে কাজিৰঙা ফুৰিবলৈ আহি বিপদত পৰিছে পৰ্যটক ৷ কাজিৰঙাত দ্ৰোণ উৰুৱাবলৈ আহি বিপদত পৰিল পৰ্যটক । বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ অহা কলকাতাৰ পৰ্যটকৰ দলে বন বিভাগৰ অনুমতি নোলোৱাকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত প্ৰৱেশ কৰি দ্ৰোণ উৰুৱাবলৈ চেষ্টা কৰোতেই বন বিভাগৰ লোকে জব্দ কৰিলে এখন দ্ৰোণ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)

এই ঘটনা সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী শীৰ্ষ বিষয়াই সাংবাদিকৰ আগত কয়," আজি পুৱা এখন জীপত পাঁচ-ছয়জনমান পৰ্যটক ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গৈছিল । তেওঁলোকে গেট পাৰ হৈ ডোঙাৰ ওচৰত ড্ৰোণ উৰুৱালৈ চেষ্টা কৰে । যিহেতু ড্ৰোণখন উৰুৱাবলৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অনুমতি দিয়া নাই, সেয়েহে জব্দ কৰা হয় । তেওঁলোকৰ ভাষ্য় ইতিমধ্য়ে গ্ৰহণ কৰা হৈছে । তেওঁলোক কলকাতাৰ পৰা আহিছে । কলকাতাৰ ট্ৰেভেল এজেন্সি এটাৰ যোগেদি তেওঁলোক ইয়ালৈ আহিছে ।"

ৰাষ্ট্ৰীয় উদ্যানখনৰ শীৰ্ষ বিষয়াগৰাকীয়ে পুনৰ কয়," নিৰাপত্তাজনিত কাৰণত কাজিৰঙাত ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা আৰোপ কৰা আছে আৰু তেওঁলোকে এই বিষয়টো জনা উচিত ।" বিষয়াগৰাকীয়ে প্লাষ্টিকৰ পৰা আৰম্ভ কৰি কেমেৰালৈকে যিবোৰ বিষয়ত বাধা আৰোপ কৰা আছে সেয়া সকলোকে আখৰে আখৰে পালন কৰিবলৈ পৰ্যটকসকলক আহ্বান জনায় ।

লগতে পঢ়ক:কাজিৰঙা নামটো কেনেকৈ হ’ল ? বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ বিষয়ে কিছু আমোদজনক তথ্য - KAZIRANGA NATIONAL PARK

কাজিৰঙাত অসম পৰ্যটনৰ কফিনত শেষ গজাল ! - KAZIRANGA HISTORIC GUEST HOUSE

ABOUT THE AUTHOR

...view details