অসম

assam

ETV Bharat / state

প্ৰভাকৰ-সুশীলাৰ পদক্ষেপে দৃষ্টিহীনক প্ৰদান কৰিছে মনৰ দৃষ্টি - DRISHTIKON FOUNDATION

কলিয়াবৰৰ এক দৃষ্টিহীন দম্পতিৰ প্ৰশংসনীয় পদক্ষেপ ৷ দৃষ্টিহীনক কম্পিউটাৰ প্ৰশিক্ষণেৰে আত্মনিৰ্ভৰ কৰাৰ প্ৰচেষ্টাৰে গঢ় দিলে এক ন্যাস ৷

Drishtikon Foundation
দৃষ্টিহীনৰ বাবে মুকলি দৃষ্টিকোণ ফাউণ্ডেচন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 16, 2024, 2:05 PM IST

কলিয়াবৰ:মনত সাহস আৰু একাগ্ৰতা থাকিলে অসাধ্যকো যে অতি সহজে সাধন কৰিব পাৰি, তাৰেই এক উদাহৰণ হ’ল কলিয়াবৰৰ বিশেষভাৱে সক্ষম এটা দম্পতি ৷ তেওঁলোক হ’ল সুশীলা পেগু আৰু প্ৰভাকৰ উপাধ্যায় । এই দম্পতিটোৱে দেখা নাপায় ধুনীয়া ধৰণীখন । কিন্তু তাকে লৈ বিষাদগ্ৰস্ত নহৈ, হাত সাবটি বহি নাথাকি দুয়ো আগবাঢ়িছে দহজনৰ মুখত হাঁহি বিৰিঙাবলৈ; জীৱন যুঁজত অৱতীৰ্ণ হ'বলৈ ।

দৃষ্টিহীন শিক্ষাৰ্থীক হাতে-কামে শিকাই-বুজাই আগবঢ়াই নিয়াৰ বাবে বিশেষ পদক্ষেপ লৈছে সুশীলা পেগু আৰু প্ৰভাকৰ উপাধ্যায়ে । কলিয়াবৰৰ হাতীবন্ধাত এই দম্পতিটোৱে স্থাপন কৰিছে ‘‘দৃষ্টিকোণ ফাউণ্ডেচন’’ নামৰ এটা কেন্দ্ৰ ৷ যাৰ জৰিয়তে দৃষ্টিহীন শিক্ষাৰ্থীক কম্পিউটাৰ প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনাৰে ঘৰতে স্থাপন কৰিছে এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ।

দৃষ্টিহীনৰ বাবে মুকলি দৃষ্টিকোণ ফাউণ্ডেচন (ETV Bharat)

কেন্দ্ৰটোৰ অন্যতম প্ৰতিষ্ঠাপক সুশীলা পেগুৱে কয়, ‘‘কম্পিউটাৰ কেন্দ্ৰটোৰ কাম-কাজ আৰম্ভ হোৱা দুবছৰ হ'ল ৷ কিন্তু যোৱা ২০২৩ ত পঞ্জীয়ন কৰাৰ পাছত গৃহ নিৰ্মাণতো কিছু সময় ব্যয় হ'ল । সেয়ে এই সময়ছোৱাত সমান্তৰালকৈ কেন্দ্ৰটোৰ বিষয়ে ফোন-মেছেজৰ দ্বাৰা শিক্ষাৰ্থীসকলক সজাগ কৰা হ'ল ।’’

‘‘এতিয়া এই কেন্দ্ৰটোত ডেৰশ শিক্ষাৰ্থীয়ে কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰিবলৈ পঞ্জীয়ন কৰিছে । এই সকলো শিক্ষাৰ্থীক যিহেতু একেলগে শিক্ষা দিয়াতো সম্ভৱ নহয়, সেয়ে বয়স আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত দহজনীয়া একোটাকৈ গোট গঠন কৰি কম্পিউটাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷’’ সুশীলা পেগুয়ে কয় ৷

দৃষ্টিহীনৰ বাবে মুকলি দৃষ্টিকোণ ফাউণ্ডেচন (ETV Bharat)

তেওঁ আৰু কয়, ‘‘দৃষ্টিহীন চাকৰি প্ৰত্যাশীৰ বাবেও আজি-কালি কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে । এই প্ৰশিক্ষণ কেন্দ্ৰটোত কম্পিউটাৰ শিক্ষা দিয়াৰ লগতে এগৰাকী দৃষ্টিহীন ব্যক্তিয়ে আনৰ সহায় নোলোৱাকৈ কেনেদেৰে বিভিন্ন কাৰ্যালয়ত নিজৰ সুচাৰুৰূপে কৰিব পাৰে তাৰো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । যাতে কাৰ্যালয়ত আন এগৰাকী ব্যক্তিৰ দৰে দৃষ্টিহীন এগৰাকীয়েও সমানেই গুৰুত্ব পায় ।’’

অৱশ্যে এই ক্ষেত্ৰত কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে এই দম্পতিটোৱে ৷ সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ পৰা সহযোগিতা বিচাৰিছে সুশীলা আৰু প্ৰভাকৰ নামৰ দম্পতিটোৱে ।

লগতে পঢ়ক :অ' হৰি মহো হো মহ খেইদবা টাঙোন ল’: আঘোণৰ পূৰ্ণিমাত ৰাজ্যৰ ঠায়ে ঠায়ে উদযাপন মহো-হো

ABOUT THE AUTHOR

...view details