গুৱাহাটী, ২ আগষ্ট :গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে বিশিষ্ট শিক্ষাবিদ-অধ্যাপক ড৹ ননীগোপাল মহন্তই যোৱা ২৯ জুলাইত আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰাৰ পিচত সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ৰাজ্যৰ বৌদ্ধিক মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ কিয়নো আনুষ্ঠানিকভাৱে শপত লোৱাৰ পিচতেই উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে তেওঁক উপাচাৰ্য পদত অধিষ্ঠিত কৰা বুজায় ৷
কিন্তু অতি আশ্চৰ্যজনক কথা এই যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানেও উপাচাৰ্য পদত কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈৰ উপাচাৰ্যৰ কাৰ্যকালৰ অন্ত পৰিব অহা ২০ আগষ্টতহে ৷ উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল শেষ নৌহওঁতেই অৰ্থাৎ ২৫ দিন পূৰ্বেই অসমৰ প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ ননীগোপাল মহন্তক শপতবাক্য পাঠ কৰোৱায় ৷ তাৰ পিচতেই ৰাজ্যৰ শৈক্ষিক মহলত এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ বৰ্তমানৰ উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়েও আশ্চৰ্য প্ৰকাশ কৰে ৷
উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে সামাজিক মাধ্যমযোগে কয়, ‘‘অহা ২০ আগষ্টলৈ মোৰ কাৰ্যকাল বাকী আছিল ৷ কাৰ্যকাল বাকী থকা অৱস্থাত নতুন উপাচাৰ্য নিযুক্তি দিয়াত অব্যাহতি ল’বলৈ সাজু ৷ ২০১৯ চনৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলোঁ ৷ মোৰ জীৱনৰ সমগ্ৰ সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব ৷ মোৰ কাৰ্যকাল শেষ হ'বলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচাৰ্য নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ ৷ ৪৩ বছৰৰ সম্পৰ্ক থকা বিশ্ববিদ্যালয়খনৰ পৰা আনন্দ মনেৰে যাবলৈ পোৱাহেতেঁন ভাল লাগিলহেঁতেন ।’’