গুৱাহাটী :বছৰটোৰ শেষত দেশবাসীয়ে হেৰুৱালে এগৰাকী বিশিষ্ট ৰাজনীতিক তথা বিশিষ্ট ভাৰতীয়ক । অসমবাসীয়ে হেৰুৱালে এগৰাকী অসম হিতৈষীক । বৃহস্পতিবাৰে নিশা ৯.৫১ বজাত ৯২ বছৰ বয়সত দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰিলে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে । লগে লগে অৱসান ঘটিল এটা যুগৰ ।
চলিত বৰ্ষতে ৩৩ বছৰীয়া সংসদীয় যাত্ৰা শেষ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে । অৱশেষত যোৱা নিশা তেওঁ জীৱনৰ যাত্ৰা শেষ কৰি অজান দেশলৈ গুচি গ'ল । আজি দেশবাসীৰ লগতে অসমবাসী শোকত ম্ৰিয়মান ।
ড৹ মনমোহন সিঙৰ অসমৰে আছিল এক বিশেষ সম্পৰ্ক । তেওঁ অসমক প্ৰতিনিধিত্ব কৰিয়েই প্ৰধানমন্ত্ৰী হৈছিল । তেওঁ একেৰাহে ৩৩ বছৰ ৰাজ্যসভাৰ সাংসদ হৈ আছিল । ১৯৯১চনত প্ৰথমবাৰলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বিশ্ব প্ৰসিদ্ধ দেশৰ অৰ্থনীতিবিদগৰাকী । প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও চৰকাৰৰ কাৰ্যকালত তেওঁ বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল ।
১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ দেশৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ড৹ মনমোহন সিঙে । ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ কৰিছিল ড৹ মনমোহন সিঙে ।
উল্লেখ্য যে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ৮:০৬ বজাত দিল্লীৰ এইমছৰ জৰুৰীকালীন বিভাগত ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল । কিন্তু চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো নিশা ৯.৫১ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। চিকিৎসকৰ মতে বাৰ্ধক্যজনিত কাৰণতে ড৹ মনমোহন সিঙৰ মৃত্যু হয় ।
ড৹ মনমোহন সিঙৰ অসমৰে ৰাজনৈতিক সম্পৰ্ক :
অসমৰ সৈতে ড৹ মনমোহন সিঙৰ বিশেষ ৰাজনৈতিক সম্পৰ্ক আছিল । অসমক প্ৰতিনিধিত্ব কৰা সাংসদ হিচাপে প্ৰধানমন্ত্ৰী হৈছিল ড৹ মনমোহন সিং । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ গুৱাহাটীৰ সৰু মটৰীয়াত থকা ঘৰ আছিল ড৹ মনমোহন সিঙৰ অসমৰ ঠিকনা । শাৰীৰিকভাৱে নাছিল যদিও এই ঘৰটো ড৹ মনমোহন সিঙৰ ভাৰাঘৰ আছিল ।
অসমৰ পৰা ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰা ড৹ মনমোহন সিঙৰ শেষৰটো কাৰ্যকাল ৰাজস্থানক প্ৰতিনিধিত্ব কৰি আছিল । প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ আছিল অসমৰ সাংসদ । ভোট দিবলৈ তেওঁ অসমলৈ আহিছিল । নতুন দিল্লীৰ ভোটাৰ তালিকাত থকা তেওঁৰ নাম দিছপুৰ বিধানসভালৈ স্থানান্তৰ কৰাইছিল । অসমৰ সাংসদ হিচাপে তেওঁ দুবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল ।
লক্ষণীয় বিষয় যে অসমে লাভ কৰা বিশেষ ৰাজ্যৰ মৰ্যাদা তেওঁৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতেই প্ৰদান কৰা হৈছিল । অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশত ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ড৹ মনমোহন সিঙে ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ মুঠ ৫ বাৰ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । অসমক প্ৰতিনিধিত্ব কৰিয়েই তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ।
ৰাজ্যসভাৰ সাংসদ হিচাপে অসমক প্ৰতিনিধিত্ব কৰি ড৹ মনমোহন সিঙে কৰা উন্নয়নমূলক কামৰ চানেকি ৰাজ্যৰ বিভিন্ন স্থানত সিচঁৰিত হৈ আছে । সাংসদ পুঁজিৰ বহু উন্নয়নমূলক কাম আজিও উজ্বল হৈ আছে ।
উল্লেখ্য যে, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰত বিত্তমন্ত্ৰী হোৱা সময়ছোৱাত মনমোহন সিঙে অৰ্থনৈতিক সংস্কাৰেৰে দেশক দিছিল আন এক মাত্ৰা । দেশৰ অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত ড৹ মনমোহন সিঙৰ অৰিহনা অনস্বীকাৰ্য । ১৯৭২ চনত মনমোহন সিং বিত্ত মন্ত্ৰালয়ৰ মুখ্য উপদেষ্টা আৰু ১৯৭৬ চনত বিত্ত মন্ত্ৰালয়ৰ সচিব হৈছিল । ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আছিল তেওঁ । তাৰ পিছত তেওঁ ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ।