নগাঁও, ৩০ এপ্ৰিল:আমেৰিকা যুক্তৰাষ্ট্ৰত নিজা অস্ত্ৰোপচাৰ শৈলী প্ৰদৰ্শন কৰাৰ পাচত এতিয়া দক্ষিণ আফ্ৰিকালৈ আমন্ত্ৰণ লাভ কৰিছে ডাঃ ফৰিদুল হুছেইন । প্ৰথমে অসমৰ চিকিৎসা মহাবিদ্যালয় পাচত আমেৰিকা যুক্তৰাষ্ট্ৰত নিজা চিকিৎসা শৈলী প্ৰদৰ্শন কৰি এইবাৰ দক্ষিণ আফ্ৰিকালৈ আমন্ত্ৰণ লাভ কৰা চিকিৎসক হুছেইনৰ সৈতে ইটিভি ভাৰত অসমৰ এক বিশেষ সাক্ষাৎকাৰ ।
এইগৰাকী জ্যেষ্ঠ শৈল্য চিকিৎসকে শেহতীয়াকৈ নগাঁৱৰ লগতে অসমবাসীক কৰিলে গৌৰৱান্বিত । নগাঁৱৰ ডিউ কেয়াৰ হাস্পতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰৰ স্বত্বাধিকাৰী তথা জ্যেষ্ঠ শৈল্য চিকিৎসক ডাঃ ফৰিদুল হুছেইনে উদ্ভাৱন কৰিলে অস্ত্ৰোপচাৰৰ এক নতুন পদ্ধতি । এণ্ডো’স্ক’পি পদ্ধতিৰে আন অস্ত্ৰোপচাৰ কৰাৰ সময়ত পিত্তনলীত পাথৰ থকাৰ বিষয়ে গম পালে একে সময়তে পিত্তনলী নকটাকৈ লেজাৰৰ সহায়ত পাথৰ গুৰি কৰি উলিয়ায় দিব পৰা এক পদ্ধতি ব্যৱহাৰ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট চিকিৎসকগৰাকীয়ে ।
নিজা বুদ্ধিমত্তাৰে উদ্ভাৱন কৰা অস্ত্ৰোপচাৰৰ এই পদ্ধতিৰে ইতিমধ্যে ৬০০ গৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে ডাঃ হুছেইন । চিকিৎসকগৰাকীৰ এনে এক পদক্ষেপৰ বিষয়ে অৱগত হোৱাৰ পাচত নিজে অধ্যয়ন কৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়তো এই অস্ত্ৰোপচাৰৰ শৈলীৰ বিষয়ে এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰি ডাঃ ফৰিদুল হুছেইনক আমন্ত্ৰণ কৰে ।