ডিব্ৰুগড় : অসমীয়াৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি । এই সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোত বহু স্বনামধন্য ব্যক্তিয়ে সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে । কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক লৈ প্ৰায়ে বিৰ্তক সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় ।
বিশেষকৈ দুটা বছৰৰ মূৰত নিৰ্বাচন আহি পালে আৰম্ভ হয় বিতৰ্ক । পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ আৰম্ভ হৈছে ব্যাপক বিৰ্তক । একাংশ অ-সাহিত্যিকে অসম সাহিত্য সভাৰ ইতিহাসত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ উঠি-পৰি লাগিছে । একাংশৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ হাতোৰাত বন্দী হৈছে অসম সাহিত্য সভা ।
সাহিত্য সভাৰ সভাপতি সন্দৰ্ভত ডঃ ভীমকান্ত বৰুৱাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam) বিষয়বাবকেন্দ্রিক লালসাত এচাম অ-সাহিত্যিকৰ দপদপনিত অসমৰ বৃহৎ জাতীয় অনুষ্ঠানটো ধ্বংসৰ দিশে গতি কৰিছে । অসম সাহিত্য সভাত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গঠিত সমিতিৰ বিষয়ববীয়াসকলে সভাপতি পদৰ বাবে কৌশল কৰি নিজৰ নাম প্ৰস্তাৱ কৰাক লৈ সৃষ্টি হৈছিল সাহিত্য সভাৰ ভিতৰে-বাহিৰে ব্যাপক বিৰ্তকৰ । এই বিতৰ্কৰ পাছতে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ তৎপৰতাত মঙলবাৰে পুনৰ সভাপতিৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুতৰ বাবে জৰুৰী সভা অনুষ্ঠিত হয় ।
নতুন সভাপতিৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাৰ বাবে অসম সাহিত্য সভাৰ বৰ্তমানৰ উচ্চস্তৰীয় সমিতিয়ে জৰুৰী বৈঠক অনুষ্ঠিত কৰি প্ৰস্তুত কৰে সভাপতিৰ তালিকা । নতুনকৈ প্ৰস্তুত কৰা তালিকাত নাম নাহিল পূৰ্বে যিসকলক লৈ বিতৰ্ক সৃষ্টি হৈছিল সেইসকলৰ ।
এইবাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডঃ ভীমকান্ত বৰুৱাৰ নাম । নাম অন্তৰ্ভুক্ত হোৱা পাছতে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ আগ্ৰহী নহয় বুলি জানিবলৈ দিয়ে । ইয়াৰ কাৰণ যদিও ডঃ বৰুৱাই ব্যক্তিগত বুলি উল্লেখ কৰিছে কিন্তু আওপকীয়াকৈ সাহিত্য সভাৰ ভিতৰত সংঘটিত কৰ্মকাণ্ডৰ বাবেই তেওঁ অনিচ্ছা প্ৰকাশ কৰা যেন অনুমান কৰিব পাৰি ।
সভাপতিৰ পেনেলত নিজৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডঃ ভীমকান্ত বৰুৱাই কয়, "বহু বিতৰ্কৰ পাছত আজি পুনৰ প্ৰস্তুত হোৱা সভাপতিৰ পেনেলত নিজৰ নাম দেখি আচৰিত হৈছো । অসম সাহিত্য সভাৰ উচ্চস্তৰীয় সমিতিয়ে তালিকা প্ৰস্তুতৰ পূৰ্বে সন্মতি বিচাৰি ফোনযোগে যোগাযোগ কৰিছিল আৰু তেওঁলোকক মই অনিচ্ছুক বুলি জানিবলৈ দিছিলো । অসম সাহিত্য সভাত যি বিতৰ্ক হৈছে সেয়া ৰাইজে বিচাৰ কৰিব । অসম সাহিত্য সভাক লৈ কাগজে-পত্ৰই যিসমূহ প্ৰকাশ হৈ আছে, সেয়া হ'ব নালাগিছিল । অসম সাহিত্য সভা আমাৰ সকলোৰে অনুষ্ঠান । আমি সকলোৱে আগবঢ়াই নিব লাগে, জাতিটোৰ কাৰণে আগবঢ়াই নিব লাগে । সাহিত্য সভাৰ সভাপতি পদত নাথাকিলেও কাম কৰি যাব পাৰি । মোৰ নামটো তেওঁলোকে সভাপতিৰ পেনেলত অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছো ।"