বৰপেটাৰোড, ১ এপ্ৰিল : বৰপেটাৰোডত পুনৰ এক চাঞ্চল্যকৰ ঘটনা ৷ ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন নকৰাকৈ আধা অস্ত্ৰোপচাৰ কৰি ৰোগীক চিকিৎসকে ঘৰলৈ পঠাই দিয়া ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ বৰপেটাৰোডৰ বীনাপানি নাৰ্ছিং হোমৰ চিকিৎসক ডাঃ নিশিথ আগৰৱালাই এই অমানৱীয় ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ঘটনা অনুসৰি, বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰ গাঁৱৰ বিশ্বজিৎ চক্ৰৱৰ্তী নামৰ এগৰাকী কিশোৰক আধা অস্ত্ৰোপচাৰ কৰি চিকিৎসক ডাঃ নিশিথ আগৰৱালাই ঘৰলৈ পঠাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৰোগীৰ পৰিয়ালৰ লোকে ৷ দেওবাৰে চিকিৎসক ডাঃ নিশিথ আগৰৱালাৰ পৰামৰ্শ ক্ৰমে বিশ্বজিৎ চক্ৰৱৰ্তী নামৰ কিশোৰজনৰ ডিঙিৰ টিউমাৰৰ অস্ত্ৰোপচাৰ বাবে বৰপেটাৰোডৰ বীনাপানি নাৰ্ছিংহোমত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে ৷
তাৰ পিচতে অস্ত্ৰোপচাৰ চলাই থকাৰ মাজতে চিকিৎসক ডাঃ আগৰৱালাই পৰিয়ালৰ লোকক মাতি নি কিশোৰজন ঘৰলৈ লৈ যাবলৈ কয় ৷ চিকিৎসকে কিশোৰজনক অস্ত্ৰোপচাৰ সম্পূৰ্ণ নকৰাকৈ আধা অস্ত্ৰোপচাৰ কৰি ঘৰলৈ পঠাই দিয়াক লৈ পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷
কিশোৰজনৰ ডিঙিৰ অসম্পূৰ্ণ অস্ত্ৰোপচাৰৰ পাচত বিনা চিকিৎসাৰে এতিয়া ঘৰতে পৰি থকাৰ ফলত তেওঁ বৰ্তমানলৈ একো খাব পৰা নাই বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । দুৰ্ভগীয়া ৰোগী বিশ্বজিৎ চক্ৰৱৰ্তীৰ দুবছৰ বয়সতে পিতৃৰ বিয়োগ ঘটিছিল ৷