তেজপুৰ, ৭ ছেপ্টেম্বৰ :আজি গণেশ চতুৰ্থী । সমগ্ৰ দেশতে গণেশ চতুৰ্থীৰ ব্যাপক আয়োজন চলিছে । তাৰ মাজতে চৰ্চালৈ আহিছে এটা বিশেষ গণেশ মন্দিৰ । অসমৰ শোণিতপুৰ জিলাৰ ঐতিহাসিক তেজপুৰ চহৰত আছে পৌৰাণিক মন্দিৰটো । গণেশ চতুৰ্থী উপলক্ষে ব্ৰহ্মপুত্ৰৰ পাৰতে থকা এই ঐতিহাসিক মন্দিৰটোত চলিছে পূজাৰ আয়োজন । কিন্তু এই মন্দিৰটোৰ মাহাত্ম্যৰ বিষয়ে আপুনি জানিলে আচৰিত হ'ব ।
ঐতিহাসিক গণেশ মন্দিৰ
তেজপুৰৰ গণেশ ঘাটত থকা এই গণেশ মন্দিৰৰ বাণাসুৰৰ ৰাজত্বকালৰ এক চহকী ইতিহাস আছে । বিশ্বকৰ্মাই নিজেই শিলত খোদিত কৰিছিল বিশাল গণেশৰ মূৰ্তি । মাত্ৰ এটা শিলতে খোদিত ভগৱান গণেশৰ ৩ ফুট ওখ মূৰ্তিটো । লোকবিশ্বাস অনুসৰি, যদি কোনো কাৰণত বাৰিষাৰ বানে নৈৰ পাৰত থকা এই ভগৱান গণেশৰ মূৰ্তি স্পৰ্শ কৰে তেন্তে সমগ্ৰ তেজপুৰ চহৰখন মহাবাহু ব্ৰহ্মপুত্ৰ নদীত ডুব যাব ।
মন্দিৰটোৰ ইতিহাস
ইতিহাস প্ৰসিদ্ধ এই গণেশ মন্দিৰক লৈ বিভিন্ন ধৰণৰ বিশ্বাস আছে । মন্দিৰৰ পুৰোহিতৰ লগতে বিভিন্ন অধ্যয়নে দাবী কৰে যে শতিকা পূৰ্বে শোণিতপুৰৰ বাণ ৰজা বা বাণাসুৰে এই মন্দিৰত পূজা অৰ্চনা কৰিছিল । বাণাসুৰে সমীপৰ ব্ৰহ্মপুত্ৰ নৈত স্নান কৰি প্ৰথমে এই গণেশ মন্দিৰত পূজা অৰ্চনা কৰিছিল আৰু তাৰ পিচত ঐতিহাসিক মহাভৈৰৱ মন্দিৰত শিৱক আৰাধনা কৰিছিল । গণেশ মন্দিৰটোৰ পুৰোহিতৰ মতে তেওঁ বিগত ৪৭ বছৰে এই মন্দিৰতে সেৱা আগবঢ়াই আছে আৰু মন্দিৰ পৰিচালনাৰ সৈতে জড়িত হৈ আছে ।