অসম

assam

ETV Bharat / state

দীপাৱলীত আপোনাৰ ঘৰ পোহৰাবলৈ চেষ্টা কৰাসকলৰ ঘৰতো এগছি চাকি জ্বলোৱাৰ অৱকাশ দিয়ক এনেকৈ...

দেশৰ লগতে ৰাজ্যবাসী সাজু হৈছে পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে ৷ এইবাৰ দীপাৱলীত নিজৰ লগতে উজলাওক এইসকল লোকৰ পদূলিও...

Barpeta Firecracker industry
বৰপেটাৰ আতচবাজী উদ্যোগত ই টিভি ভাৰত (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 6:06 PM IST

বৰপেটা:পোহৰৰ উৎসৱ দীপাৱলী সমাগত, পিচে এইবাৰ দীপাৱলী আপুনি কেনেদৰে উদযাপন কৰিম বুলি ভাবিছে ? শৰৎ কালৰ এই অন্যতম উৎসৱটিত আপুনিও নিশ্চয় ঘৰখন পোহৰাই তুলিবলৈ যা-যোগাৰ চলাইছে ৷ দীপাৱলীৰ সন্ধিয়াটি পোহৰৰ লগতে আতচবাজীৰে আৰু অধিক মাদকতাপূৰ্ণ কৰি তোলাৰ বাবেও নিশ্চয় পৰিকল্পনা চলি আছে ৷

দীপাৱলী উদযাপনৰ কথা আহিলেই এটা বিশেষ কথাই স্থান পায়, সেয়া হ’ল থলুৱা আৰু বাহিৰা সামগ্ৰীৰ মাজৰ প্ৰাধান্যতা ৷ দীপাৱলীৰ নিশা সকলোৰে ঘৰখন পোহৰ হৈ পৰক, সেই আশাৰেই মৃৎশিল্পীয়ে নিৰ্মাণ কৰে মাটিৰ চাকি ৷

বৰপেটাৰ আতচবাজী উদ্যোগত ই টিভি ভাৰত (ETV Bharat)

কিন্তু বজাৰত চীনা সামগ্ৰী যেনে ৰং-বিৰঙী লাইট, লেম্প আদিৰ পয়োভৰৰ লগে লগে যেন আমি পাহৰি গৈছো মাটিৰ চাকিলৈ ৷ যাৰ বাবে আনৰ ঘৰ পোহৰাবলৈ আশাৰে মাটিৰ চাকি নিৰ্মাণ কৰা মৃৎশিল্পীসকলৰ বহুতৰেই দীপাৱলীৰ দিনা ঘৰখন এন্ধাৰ হৈয়েই ৰয় ৷

একেই অৱস্থা আমাৰ থলুৱা আতচবাজী উদ্যোগৰ ক্ষেত্ৰতো দেখা যায় ৷ বহিঃৰাজ্যৰ পৰা অহা উচ্চ প্ৰাবল্যৰ আতচবাজী তুলনামূলকভাৱে কম মূল্যত লাভ কৰাৰ হেতুকে আমি যেন পিঠি দিলো থলুৱা আতচবাজীলৈ ৷ বৰপেটাৰ আতচবাজী উদ্যোগে আজি যি মৰ্যাদা পাব লাগিছিল, সেয়া যেন লাভ কৰা নাই গ্ৰাহকৰ অনিহাৰ বাবেই ৷ অৱশ্যে শেহতীয়াভাৱে বৰপেটাৰ থলুৱা আতচবাজীৰ বজাৰখন কিছু পৰিমাণে গ্ৰাহকৰ প্ৰিয় হৈছে বুলি জানিব পৰা গৈছে ৷

বৰপেটাৰ আতচবাজী উদ্যোগটোৰ বিষয়ে সবিশেষ জানিবলৈ ই টিভি ভাৰত কাষ চাপিছিল বৰপেটা আতচবাজী শিল্প সমবায় লিমিটেডৰ সভাপতি গোপজিৎ পাঠকৰ ৷ তেওঁ এই উদ্যোগটোৰ বিষয়ে বহুখিনি কথা ব্যক্ত কৰে ৷

প্ৰায় 140 বছৰীয়া পুৰণি পদ্ধতিৰে নিৰ্মাণ আতচবাজী

বৰপেটাৰ থলুৱা আতচবাজী (ETV Bharat)

বৰপেটাৰ আতচবাজী শিল্পৰ এক ইতিহাস আছে ৷ গোপজিৎ পাঠকে জনোৱা মতে 1885 চনতে তেওঁৰ ককাক লক্ষী পাঠকে প্ৰথমবাৰৰ বাবে আতচবাজী প্ৰস্তুত কৰিছিল বৰপেটাত ৷ চীন দেশীয় এজন ব্যৱসায়ীৰ পৰা পোৱা এখন গ্ৰন্থৰ দ্বাৰা আতচবাজী নিৰ্মাণৰ কলা অৰ্জন কৰিছিল তেওঁ ৷ তাৰ পিছতেই আৰম্ভ হৈছিল এক নতুন অধ্যায়ৰ ৷ এতিয়াও লক্ষী পাঠকৰ পদ্ধতিৰেই চলি আছে বৰপেটাৰ আতচবাজী উদ্যোগ ৷

কম প্ৰাবল্যৰ আৰু কম ক্ষতিকাৰক বিস্ফোৰকৰ ব্যৱহাৰ

বৰেটাত নিৰ্মিত কলগছ আৰু ৰকেট (ETV Bharat)

ফটকা ফুটুৱাৰ সময়ত বহুতেই আঘাতপ্ৰাপ্ত হোৱা দেখা যায় ৷ কিন্তু বৰপেটাৰ আতচবাজীত অতি কম ক্ষতিকাৰক বিস্ফোৰক ব্যৱহাৰ কৰা হয় বুলি গোপজিৎ পাঠকে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে বৰপেটাৰ আতচবাজীৰ মূল লক্ষ্যটোৱেই হ’ল কোনো ক্ষতি নোহোৱাকৈ দীপাৱলী উদযাপন ৷ ফটকাত ব্যৱহাৰ কৰা জখৰ তেওঁলোকে থলুৱাভাৱে গোবৰৰ পৰা প্ৰস্তুত কৰে ৷ তাৰোপৰি ফটকাত ব্যৱহৃত খাৰ বা বিস্ফোৰকো বাহিৰৰ পৰা অহা ফটকাৰ তুলনাত কম ক্ষতিকাৰক ৷ তাৰোপৰি ইয়াৰ প্ৰাবল্যও কম, যিয়ে শব্দ প্ৰদূষণৰ সৃষ্টি নকৰে ৷

কমেও 250 টা পৰিয়ালৰ জীৱিকাৰ উৎস এই উদ্যোগ

থলুৱা আতচবাজী (ETV Bharat)

বৰপেটাৰ আতচবাজী উদ্যোগৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে কমেও 250 টাকৈ পৰিয়াল ৷ মূল উদ্যোগৰ লগতে আতচবাজীৰ বাবে মাটিৰ খোলা নিৰ্মাণ কৰা, বিশেষ কাগজ প্ৰস্তুত কৰা আদি কাৰ্যত বহুতো পৰিয়াল জড়িত হৈ আছে ৷

আগতকৈ ভাল হৈছে বজাৰ

গোপজিৎ পাঠকে জনাই যে, পূৰ্বতকৈ আতচবাজীৰ বজাৰ কিছু ভাল হৈছে ৷ 2022 বৰ্ষত বৰষুণে আৰু তাৰ পূৰ্বে কোভিড মহামাৰীয়ে উদ্যোগটোৰ কঁকাল একপ্ৰকাৰ ভাঙি দিছিল ৷ আগতে দীপাৱলীলৈ 10 দিনমান থকা অৱস্থাতহে মানুহে আতচবাজীৰ বাবে যোগাযোগ কৰে যদিও এইবাৰ কিছু ব্যতিক্ৰম হৈছে ৷ প্ৰায় এমাহ পূৰ্বৰ পৰাই তেওঁলোকে ৰাজ্যৰ ভিন্ন স্থানলৈ আতচবাজী প্ৰেৰণৰ কাম আৰম্ভ কৰিছে ৷ যিয়ে এই উদ্যোগটোৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে ৷

তেওঁলোকে আশা প্ৰকাশ কৰিছে যে ৰাইজে সুৰক্ষিতভাৱে নিজৰ পৰম্পৰাক আঁকোৱালি দীপাৱলী উদযাপনৰ ক্ষেত্ৰত থলুৱা সামগ্ৰীক অগ্ৰাধিকাৰ দিব ৷ যিয়ে চাকি বিক্ৰী কৰা মৃৎশিল্পীজনৰ পৰা আতচবাজী উদ্যোগৰে জড়িত সকললৈকে সকলোৰে ঘৰত দীপাৱলীৰ দিনা অন্ততঃ এগছি চাকি জ্বলোৱাৰ অৱকাশ দিব ৷

লগতে পঢ়ক:আহোম ৰজাই স্থাপন কৰা গাঁওখনৰ আলোকময় যাত্ৰা

দীপাৱলী সমাগত; আপোনাৰ পদূলি পোহৰাবলৈ সাজু গোবৰৰ দ্বাৰা নিৰ্মিত চাকি

ABOUT THE AUTHOR

...view details