নিউজ ডেস্ক, 3 জুন : ফলাফল ঘোষণাৰ বাবে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ ৷ দেশৰ আন ঠাইৰ লগতে 4 জুনৰ পুৱাৰ পৰা অসমৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে আৰম্ভ হ'ব ভোটগণনা ৷ ইতিমধ্যে এই বিশেষ দিনটোত দেশবাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে ৷ ইতিমধ্যে ৰাজ্যৰ 14 টা সমষ্টিত ভোটগণনাৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন ৷
যোৰহাট :14 নং যোৰহাট লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে সাজু জিলা প্ৰশাসন ৷ শান্তি-শৃংখলা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত যোৰহাটৰ জিলা দণ্ডাধীশ তথা জিলা আয়ুক্তগৰাকীয়ে ভাৰতীয় ফৌজদাৰী কার্যবিধি আইনৰ 144 ধাৰাৰ অধীনত কিছু নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্দেশনা অনুসৰি ভোটগণনা আৰু ফলাফল ঘোষণা সম্পূৰ্ণ নোহোৱালৈকে ভোটগণনা কেন্দ্ৰৰ চৌহদৰ ভিতৰত কোনো ধৰণৰ শোভাযাত্ৰা আৰু শ্ল'গান দিব নোৱাৰিব লগতে ভোটগণনা চৌহদৰ ভিতৰত লাউড স্পীকাৰ ব্যৱহাৰ কৰি কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে কোনোধৰণৰ বিজয় উৎসৱ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰিব, ভোটগণনা কেন্দ্ৰৰ পৰা 1 কিঃমি ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বৃহৎ জনসমাৱেশ নিষিদ্ধ কৰাৰ লগতে পতাকা, লাঠি,আগ্নেয়াস্ত্ৰ আদি লগত লৈ শোভাযাত্ৰা কৰাটো নিষেধ কৰা হৈছে ৷
তদুপৰি জিলা নিৰ্বাচনী বিষয়া তথা 14 নং যোৰহাট লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে অনুমতি প্ৰদান কৰা বৈধ পৰিচয় পত্ৰ থকা ব্যক্তিসকলহে ভোটগণনা স্থানত প্ৰৱেশ কৰিব পাৰিব ৷ গণনা কেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন আৰু কেমেৰা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে যদিও ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা যথাযথভাৱে অনুমোদিত সংবাদকৰ্মীসকলে ম’বাইল ফোন আৰু কেমেৰা কেৱল মেডিয়া চেণ্টাৰলৈকে কঢ়িয়াই নিব পাৰিব ৷ লগতে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ পত্ৰ নং ELE.93/2023/53 dtd.28.03.2024 অনুসৰি যোৰহাট জিলা আয়ুক্তগৰাকীয়ে 4 জুনত জিলাখনত ড্ৰাই ডে' হিচাপে ঘোষণা কৰিছে ৷
বৰপেটা : বৰপেটাত ভোট গণনাৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন ৷ জিলা নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই জনোৱা মতে, মঙলবাৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা আৰু পাকাবেতবাৰী বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব ৷ নিৰ্বাচন আয়োগে ঘোষণা কৰা তথ্য অনুসৰি বৰপেটাত ভোটদানৰ হাৰ আছিল 85.24 শতাংশ ৷ মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল 16,76,633 ৷