বঙাইগাঁও,২৫ ফেব্ৰুৱাৰী : মিছন বসুন্ধৰা ২.০ৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে । তাৰ অংশ হিচাপে বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁও ষ্টেডিয়াম খেলপথাৰত দেওবাৰে ভূমিৰ পট্টা বিতৰণৰ এক কাৰ্যসূচীৰ আয়োজন কৰা হয় । য'ত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই লোকসকলক ভূমি পট্টা প্ৰদান কৰে ।
মিছন বসুন্ধৰা ২.০ ৰ অংশ হিচাপে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৫৩০ গৰাকী লোকক ভূমিৰ পট্টা প্ৰদান কৰা হয় । এই সভাত উৰ্খাও গৌৰা ব্ৰহ্মৰ উপৰিও বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাৰ অন্তত অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিৰ প্ৰশংসা কৰে । মন্ত্ৰীগৰাকীৰ মতে যিসকল লোকে এতিয়ালৈ মিছন বসুন্ধৰা আঁচনিৰ সুবিধা লাভ কৰিব পৰা নাই তেওঁলোকে লোকসভা নিৰ্বাচনৰ পিচত মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে ভূমি পট্টাৰ বাবে আবেদন জনাব পাৰিব ।