গুৱাহাটী, ২০ মাৰ্চ: ৰাজ্যত নিৰ্বাচনৰ বতৰ ৷ বৰপেটা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছক চি পি আই এমৰ নেতৃত্বই আহ্বান কৰা বিষয়টো এতিয়াও আলোচনাধীন হৈ আছে বুলি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে বুধবাৰে সদৰী কৰে। গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এই কথা সদৰী কৰে সিঙে ।
উল্লেখ্য যে, বৰপেটা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছক চি পি আই এমৰ নেতৃত্বই আহ্বান জনাইছিল । বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অৰ্থাৎ অগপৰ প্ৰাৰ্থীক পৰাজিত কৰাৰ বাবে বিৰোধী ঐক্য হোৱাটো প্ৰয়োজন যাতে বিৰোধী ভোট বিভাজন নহয় বুলি বাওঁ দলটোৱে কংগ্ৰেছক আহ্বান কৰিছিল ।
মন কৰিবলগীয়া যে ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছৰ প্ৰতি ৰাজ্যৰ ভালেসংখ্যক গণতান্ত্রিক মনোভাবাপন্ন আৰু স্বাধীন চিন্তাৰ বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে আহ্বান জনাইছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক সম্বোধন কৰি তেওঁলোকে এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে ৷