অসম

assam

ETV Bharat / state

গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ ! - GUWAHATI VENDING ZONE

গুৱাহাটী পৌৰ নিগমে শীঘ্ৰে ভেণ্ডিং জ'ন ঘোষণা কৰিব । ফাঁচীবজাৰক লৈও নতুন পৰিকল্পনা জি এম চিৰ ।

GMC Mayor on vending Zone
গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 6, 2025, 10:28 AM IST

গুৱাহাটী:গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে প্ৰায়ে পৌৰ নিগমে অভিযান চলাই আহিছে । গুৱাহাটীত এই দৃশ্য সুলভ । কিন্তু মাজে সময়ে এই উচ্ছেদক লৈ বিতৰ্ক হোৱাও দেখা যায় । কিয়নো পদপথৰ সাধাৰণ ব্যৱসায়ীসকলক ভেণ্ডিং জ'ন দিব পৰা নাই পৌৰ নিগম তথা প্ৰশাসনে । একাংশ ব্যৱসায়ীৰ মতে উচিত স্থানৰ অভাৱতে পদপথ দখল কৰি তেওঁলোকে পেটৰ তাড়নাতে ব্যৱসায় কৰিবলগীয়া হৈছে । আনকি পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদো জনাই আহিছে পদপথৰ সাধাৰণ ব্যৱসায়ীয়ে । তাৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ।

ভেণ্ডিং জ'ন নিদিয়ালৈ উচ্ছেদত অসুবিধা

গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ (ETV Bharat)

"ভেণ্ডিং জ'ন নিদিয়ালৈ পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰাত অসুবিধা আছে ।" এই মন্তব্য গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ । বুধবাৰে পদপথৰ ব্যৱসায়ীৰ উচ্ছেদ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত মেয়ৰ মৃগেন শৰণীয়াই কয়, "মহানগৰীত ২৭ হাজাৰ পদপথৰ ব্যৱসায়ী আছে । যিয়ে পদপথত ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে । তেওঁলোকৰ জীৱন নিৰ্বাহৰ ব্যৱস্থা কৰিব লাগিব । কিয়নো বহু পদপথৰ ব্যৱসায়ীৰ পি এম স্বনিধি ঋণ লোৱা আছে । সেয়েহে টাউন ভেণ্ডিং জ'ন কমিটিয়ে ভেণ্ডিং জন দিয়াৰ পিছতহে উচ্ছেদ কৰিব পাৰিব । গুৱাহাটীখন হৈছে অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা মহানগৰ । আমি ৮১ টা ভেণ্ডিং জ'ন চিনাক্ত কৰিছো যদিও সেইবোৰ মুকলি কৰি দিয়াত অসুবিধা আছে । প্ৰথম অৱস্থাত ১০ টকা ভেণ্ডিং জ'ন দিয়াৰ পৰিকল্পনা কৰা হৈছে । অনতিপলমে এই ১০ টা স্থানত ভেণ্ডিং জ'ন দিয়া হ'ব । পৰৱৰ্তী সময়ত বাকীখিনি ভেণ্ডিং জ'ন দিয়াৰ ব্যৱস্থা কৰা হ'ব । ভেণ্ডিং জ'ন দিয়াৰ পিছতহে পদপথৰ দোকানবোৰ উচ্ছেদ কৰা হ'ব । বাকী ভেণ্ডিং জ'ন নথকা স্থানত দোকানবোৰ উচ্ছেদ কৰি থকা হৈছে ।"

ফাঁচীবজাৰক লৈ বিশেষ পৰিকল্পনা

ইফালে গুৱাহাটীৰ ব্যৱসায়িক কেন্দ্ৰ ফাঁচীবজাৰক লৈ বিশেষ পৰিকল্পনা কৰিছে পৌৰ নিগমে । সম্পূৰ্ণ সলনি কৰা হ'ব ফাঁচীবজাৰৰ বৰ্তমানৰ ৰূপ । মেয়ৰে ফাঁচীবজাৰ আৰু পল্টনবজাৰক লৈ কৰা নতুন পৰিকল্পনা সন্দৰ্ভত কয়, "ফাঁচীবজাৰত ফুড ক'ৰ্ট বনোৱাৰ পৰিকল্পনা কৰা হৈছে । ২ কোটি টকাৰ অধিক টকা খৰচ কৰি ফাঁচীবজাৰত পদপথ নিৰ্মাণ কৰা হ'ব । ডাঙৰ ডাঙৰ নলা নিৰ্মাণৰ লগতে ওলমি থকা তাঁৰবোৰ মাটিৰ তলেৰে লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব । চৰকাৰে ধন মোকলাই দিলেই ফাঁচীবজাৰ আৰু পল্টনবজাৰত এনে পৰিকল্পনাৰে কাম আৰম্ভ কৰা হ'ব ।"

লগতে পঢ়ক :চোৰৰ টাৰ্গেট সুৰা, লুটিলে সুৰা বিপনী - BURGLARY AT WINE SHOP

ABOUT THE AUTHOR

...view details