ডিব্ৰুগড়, ১০ মে':নাহৰ নহয় যেন এটি শব্দ । য'ত আছে বহু আদৰ । য'ত আছে বহু আবেগ । নাহৰে বিলাই বসন্তৰ সুবাস, নাহৰে দি যায় প্ৰেমৰ উমান । নাহৰৰ দেশত এতিয়া নাহৰ ফুলিছে । জ্যোতি বাটচ'ৰাৰে প্ৰৱেশ কৰাসকলক আদৰিছে নাহৰে । কত যে স্মৃতি, কত যে আলাপ । মায়াময় হৈ পৰিছে নাহৰৰ দেশ ।
উজনি অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে । সুস্থ সমাজ আৰু মানৱ সম্পদ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ।
১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খনত এক নান্দনিক মন জুৰোৱা পৰিৱেশ । বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত প্ৰথম পদাৰ্পণ কৰিয়েই মন পুলকিত হ'ব আপোনাৰ । কিয়নো এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থকা শাৰী শাৰী নাহৰ গছসমূহ জাতিস্কাৰ হৈ পৰিছে ফুলেৰে । নাহৰ ফুলৰ সুগন্ধিয়ে সুবাস বিলাইছে গোটেই বিশ্ববিদ্যালয়ৰ চৌহদত । নাহৰৰ দেশৰ এতিয়া নাহৰৰ সুগন্ধিয়ে মন-প্ৰাণ পুলকিত কৰিছে ছাত্ৰ-ছাত্ৰীৰ ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে নাহৰ ফুলৰ গোন্ধ লগত লৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰে আৰু পঢ়া সামৰি লগত লৈ যায় জ্ঞান আৰু নাহৰ ফুলৰ সুগন্ধিময় মন । কিয়নো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাৰ প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ কৰি সকলো দিশতে নাহৰ গছৰে পৰিপূৰ্ণ হৈ আছে বিশ্ববিদ্যালয়খন ।