অসম

assam

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ড : অনশনথলীতে ঢলি পৰিল চাৰি ছাত্ৰ - DU RAGGING INCIDENT

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 8:49 AM IST

PNGB Hostel DU: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ জ্যেষ্ঠ ছাত্ৰক স্থানান্তৰকৰণক লৈ আমৰণ অনশন হোষ্টেলৰ আৱাসীৰ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিংকাণ্ডৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ৰ ৷ আমৰণ অনশনত বহা চাৰিজনকৈ ছাত্ৰ ঢলি পৰিল অনশনস্থলীত ৷ চাওক সবিশেষ...

DU RAGGING INCIDENT
পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ আৱাসীৰ অনশন (ETV Bharat Assam)

মৰাণ, 6 আগষ্ট : উজনি অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থকা জিৰণি চ’ৰাত আমৰণ অনশনত বহিছে ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ ছাত্ৰসকলে ৷ ইতিমধ্যে 80 ঘণ্টা অতিক্ৰম কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ এই প্ৰতিবাদে ৷

পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ আৱাসীৰ অনশন (ETV Bharat Assam)

ঘটনাৰ বিৱৰণী অনুসৰি, পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ জ্যেষ্ঠ আৱাসীসকলক স্থানান্তকৰণৰ সিদ্ধান্ত বাতিল কৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মাৱলী সম্পূৰ্ণৰূপে মানি চলাৰ দাবীত ছাত্ৰ সমাজে ৰূপায়ণ কৰিছে এই প্ৰতিবাদী অনশন কাৰ্যসূচী ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত বিগত 1 আগষ্টৰ পৰা ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীক গুৰুত্ব নিদিয়াক লৈ বিশ্ববিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰী ছাত্ৰ সমাজে ৷

আনহাতে, অনশনত বহা বহুকেইজন প্ৰতিবাদকাৰী ছাত্ৰ ইতিমধ্যে অসুস্থ হৈ পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা বছৰৰ পূৰ্বে সংঘটিত হৈছিল ভয়ংকৰ ৰেগিংকাণ্ড ৷ এই ঘটনাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত জ্যেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰসকলক পৃথক পৃথক ছাত্ৰাৱাসত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী জাৰি কৰা পাচতেই পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ একাংশ ছাত্ৰই এইদৰে প্ৰতিবাদত নামিছে ৷

লক্ষণীয় বিষয়টো হ'ল, পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত সংঘটিত হৈছিল ৰেগিঙৰ দৰে ভয়ংকৰ কাণ্ড আৰু ৰহস্যজনকভাৱে এবছৰ পিছত এই ছাত্ৰাৱাসৰ ছাত্ৰসকলে নামিছে প্ৰতিবাদত ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন সমূহ ছাত্ৰাৱাসৰ ছাত্ৰক বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দিয়া জাননীৰ পাচতে নিজৰ ছাত্ৰাৱাস সলনি কৰিছে ৷

তেনেস্থলত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ একাংশ ছাত্ৰই এইদৰে প্ৰতিবাদত নমা বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ সোমবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনশনস্থলীত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কেতিয়াও এই সিদ্ধান্ত বাতিল নকৰে বুলি জনাই দিয়ে ৷

সোমবাৰে আবেলি আমৰণ অনশনত বহা চাৰিজনকৈ ছাত্ৰ ঢলি পৰাৰো খবৰ পোহৰলৈ আহিছে ৷ অধিক সংকটজনক অৱস্থাত ততালিকে এম্বুলেঞ্চৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ছাত্ৰকেইজনক ৷

লগতে পঢ়ক:DU ragging incident: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক আটক

ABOUT THE AUTHOR

...view details