অসম

assam

ETV Bharat / state

ঠায়ে ঠায়ে দেৱীক বিদায় দিলেও বহু ঠাইতে শনিবাৰে নহ'ল প্ৰতিমা বিসৰ্জন - DIBRUGARH DURGA PUJA

পূজা মণ্ডপত প্ৰতিফলিত নাৰী নিৰ্যাতন । মণ্ডপত স্থান পালে স্বৰ বৰ্ণই ।

Dibrugarh unique durga puja panda
বিসৰ্জন দিয়া হোৱা নাই প্ৰতিমা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 8:24 PM IST

মৰাণ, ১২ অক্টোবৰ:আজি দশমী পূজা । বতৰৰ বিধি-পথালিৰ মাজতেই অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ । বিধি অনুসৰি আজি পূজাৰ অন্ত পৰে যদিও প্ৰতিটো পূজা মণ্ডপতেই দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিছিগা ভিৰ । কাৰণ আজি দেৱীক বিদায় দিয়া হয় যদিও প্ৰায়ভাগ ঠাইতেই প্ৰতিমা বিসৰ্জন দিয়া হোৱা নাই ।

ৰাজ্য়ৰ আন ঠাইৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰো বহু স্থানত শনিবাৰে দিয়া হোৱা নাই প্ৰতিমা বিসৰ্জন । আজি শনিবাৰৰ লগতে বতৰে দিয়া বিধি-পথালিৰ বাবে বিসৰ্জন পৰ্ব সম্পন্ন কৰা হোৱা নাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত ব্যতিক্ৰমী পূজা মণ্ডপে ভক্তৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । প্ৰতিকূল বতৰকো নেওচি মা দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ ওলাই আহে ভক্তপ্ৰাণ ৰাইজ ।

ঠায়ে ঠায়ে দেৱীক বিদায় দিলেও বহু ঠাইতে শনিবাৰে নহ'ল প্ৰতিমা বিসৰ্জন (ETV Bharat Assam)

এইবাৰ ডিব্ৰুগড়ৰ পূজা মণ্ডপত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সমাহাৰ ঘটিছে । পূজা মণ্ডপত স্থান পাইছে স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণই। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত ৰাজ্যবাসী উৎফুল্লিত হোৱাৰ সময়তে ডিব্ৰুগড়ৰ শান্তিপাৰা তৰুণ সমিতি লেন সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াই আকৰ্ষণীয় মণ্ডপ আৰু মা দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি ভক্তৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

মাৰোৱাৰী সমাজে গালে জাতীয় সংগীত

আনহাতে, শুকুৰবাৰে সপ্তমীৰ নিশা ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টী পূজা মণ্ডপত সাংস্কৃতিক অনুষ্ঠানত শ শ লোকে একেলগে গালে অসমৰ জাতীয় সংগীত । পূজাৰ আনন্দ উল্লাসৰ মাজত ডিব্ৰুগড়ৰ মাৰোৱাৰী সমাজে দেখুৱালে অসমৰ প্ৰতি থকা ভালপোৱা ।

ছাতি লৈ পূজা মণ্ডপত ভক্তৰ ভিৰ

পূজাৰ বতৰত উজনি অসমৰ ডিব্ৰুগড়ত নিশা প্ৰচণ্ড বৰষুণ । বৰষুণ দিয়াৰ ফলত হাহাকাৰ পৰিবেশ সৃষ্টি হয় পূজা চাবলৈ অহা ৰাইজৰ মাজত । হাতত ছাতি লৈ ওলাই আহে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে । বৰষুণ যিমানেই দিছে সিমানেই ছাতি লৈ পূজা চাবলৈ ওলাই আহে ডিব্ৰুগড়ৰ জনতা ।

চৰকাৰক তীব্ৰ সমালোচনা লুৰীণজ্যোতি গগৈৰ

ৰাজ্যত বৰ্তমান নিৰ্বাচনৰ কোনো পৰিবেশ নাই । সেয়ে পূজাৰ মণ্ডপে মণ্ডপে দেখা গৈছে ৰাজনৈতিক নেতাৰ ভিৰ । নিশা মৰাণৰ পূজা মণ্ডপে মণ্ডপে গৈ মা দুৰ্গাৰ আৰ্শীবাদ ল'লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । পূজাৰ মণ্ডপে মণ্ডপে মা দুৰ্গাৰ আৰ্শীবাদ লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰি লুৰীণজ্যোতি গগৈয়ে কয়,"দুৰ্গা দেৱীৰ মূল বিষয়বস্তু হ'ল অন্যায় নাইকীয়া কৰি ন্যায় প্ৰতিষ্ঠা কৰা । আমি আশা কৰিছো সমাজলৈ ভাল দিন আহিব ।" তেওঁ লগতে কয়," আমি সকলোৱে জানো এইখন চৰকাৰে প্ৰতি মাহে মাহে ঋণ লয় । স্মাৰ্ট মিটাৰে ৰাইজক জলা-কলা খুৱাইছে । এফালে ঠিকাদাৰক ধন দিব পৰা নাই । চৰকাৰখন অৰ্থনৈতিকভাৱে বিপৰ্যস্ত হৈছে । মুখ্যমন্ত্রী আৰু চৰকাৰখন যে অকৰ্মণ্য সেই কথা প্ৰমাণ হৈছে ।"

হিন্দু খনিকৰ গাঁৱত নাৰী নিৰ্যাতনক পূজা মণ্ডপ

ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা । তেনে সময়ত নাৰী নিৰ্যাতনক লৈ বিভিন্ন দৃশ্য উপস্থাপন কৰি ডিব্ৰুগড়ৰ মোহনবাৰী-হিন্দু খনিকৰ গাঁৱৰ ৰাইজে আয়োজন কৰা পূজা মণ্ডপত শ শ ভক্তই কৰে মা দুৰ্গাৰ পূজা অৰ্চনা । এইবাৰ এই পূজাভাগত নাৰীক কৰা লাঞ্ছনা, বঞ্চনা, শোষণক বিষয়বস্তু হিচাপে লৈ পূজা কমিটীয়ে আটকধুনীয়াকৈ মণ্ডপ নিৰ্মাণ কৰে ।

লগতে পঢ়ক:এখন বিশেষ আদৰ্শ আৰক্ষী চকীত উপস্থিত হাজাৰ হাজাৰ লোক

আজি বিজয়া দশমী, অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিবলৈ মণ্ডপে মণ্ডপে চলিছে প্ৰস্তুতি

ABOUT THE AUTHOR

...view details