মৰাণ, 4 জুলাই :ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত খোৱাঙত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ বুঢ়ীদিহিঙৰ দুটাকৈ ৰিংবান্ধ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত ন ন অঞ্চল প্লাবিত হৈছে ৷ ইফালে খোৱাং হালধিবাৰী মইনা গাঁৱত বিগত পাঁচটা দিনে জলবন্দী হৈ আছে প্ৰায় অৰ্দ্ধ শতাধিক পৰিয়াল ৷
গাঁওখনৰ প্ৰায়বোৰ বাসগৃহ এতিয়া পানীত ডুব যোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ বানাক্ৰান্তই ওখ ঠাই অথবা মথাউৰিত পশুধনৰ সৈতে একেলগে সহাৱস্থান কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে ৷ উক্ত অঞ্চলত পানী ক্ৰমাৎ বাঢ়ি থকাৰ ফলত এক অৱৰ্ণনীয় পৰিস্থিতি সৃষ্টি হৈছে ৷
বন্যাৰ্তই উল্লেখ কৰা অনুসৰি, বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ খবৰ ল'বলৈ গাঁওখনত এতিয়ালৈকে উপস্থিত হোৱা নাই কোনো জনপ্ৰতিনিধি অথবা প্ৰশাসনৰ লোক ৷ ফলত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, পশুখাদ্যৰ বাবেও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷