ধেমাজি,৩১ জুলাই:ধেমাজি জিলাৰ জোনাইত এখন আৰ টি আই আবেদনক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি ছৈফ পাৱক হানি-খুচি হত্যাৰ চেষ্টা চলোৱাৰ পিচত আজি পৰ্যন্ত দোষীক গ্ৰেপ্তাৰ নকৰাৰ বিৰুদ্ধে বুধবাৰে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে ৷ মিচিং স্বায়ত্ত পৰিষদৰ দুৰ্নীতিৰ চি বি আই তদন্ত কৰক, ধেমাজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন হায় হায়, ৰণোজ পেগু হায় হায় আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ৷
এজহাৰ দাখিলৰ পিচতো গোচৰ পঞ্জীয়ন নকৰাত ক্ষোভ:
ভুক্তভোগীয়ে জোনাই আৰক্ষী থানাত এজহাৰ দাখিল কৰাৰ পিচতো জোনাই আৰক্ষী থানাই গোচৰ পঞ্জীয়ন নকৰাত জোনাই আৰক্ষীক তীব্ৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ জখম হোৱা ছৈফ পাৱক জোনাই পৰা উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পিচত ভুক্তভোগী ছৈফ পাৱৰ পত্নী আৰু তেওঁ জোনাই আৰক্ষী থানাত তৰা গোচৰৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।
বিধায়ক ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে অভিযোগ: