ধেমাজি: ছশ বছৰীয়া আহোম ৰাজত্বৰ সময়তে খন্দা অসমত এখন মানৱ সৃষ্ট নৈ এতিয়াও প্ৰৱহমান হৈ আছে ৷ যোৰহাটৰ এই ভোগদৈ নৈৰ কথা সৰ্বজনবিদিত ৷ পিচে বৰ্তমান সময়ত ধেমাজিতো এজন লোকে এটা পাচঁশ মিটাৰ চেনেল অকলেই খান্দি নদীৰ ৰূপ দিলে ৷
এই চেনেলটোৱে বাৰিষা অঞ্চলটোৰ ৰাইজক খেতি-বাতি কৰিবলৈ সুবিধা কৰি দিয়াৰ লগতে খৰালিকালত বিল সদৃশ হৈ পৰে, য’ত লোকজনে থলুৱা বিভিন্ন প্ৰজাতিৰ মৎস্য পালন কৰাৰ লগতে বিপদাপন্ন প্ৰজাতিৰ মাছ সংৰক্ষণ কৰিছে ৷
মৎস্য পালন সন্দৰ্ভত তেওঁ কয়, "ইয়াত থলুৱা মাছ পালন কৰা হৈছে । এই নদীত মাছ মাৰি ওচৰে-পাজৰে কেইবাখনো গাঁৱৰ মৎস্য ব্যৱসায়ীয়ে থলুৱা মাছ ধেমাজিৰ বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে ।" বহিঃজিলাৰ মাছক প্ৰত্যাহ্বান জনাই 'বঙালমাৰীৰ মহেন্দ্ৰ বিল' আৰু 'মহেন্দ্ৰ ফিচাৰী'ৰ মাছ বুলি খ্যাত মাছে কিছু চাহিদা পূৰাবলৈ সক্ষম হৈছে ৷
মীন বিভাগক ধন্যবাদ জনাই তেওঁ কয়, “ফিচাৰী বিভাগক ধন্যবাদ দিছোঁ, তেওঁলোকে পোনা উৎপাদনৰ বাবে উৎসাহিত কৰাৰ বাবে ৷ সকলোবিধৰ মাছে উৎপাদন কৰোঁ ৷ নদী-বিলত উপলব্ধ থলুৱা মাছ যেনে চেনিমাছ, এলেং মাছ, কাৱৈ, শাল, শিঙি সকলো প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰি পালন কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ ।"
উল্লেখ্য যে তেওঁ এই চেনেলত বাৰিষা জেং পেলাই থলুৱা মাছ সংৰক্ষণ কৰাৰ উপৰি বিপদাপন্ন এলেং মাছ ,আৰি মাছ আদি সংৰক্ষণ কৰিছে ৷ ইয়াৰ লগতে তেওঁৰ সুবিশাল বাৰীত মুঠ 70 বিঘা মাটিকালিত আছে 7 টাকৈ সৰু-বৰ পুখুৰী । য’ত ৰৌ, বাহু, চিতল আদি মাছ পালন কৰিছে ।
তদুপৰি, পোনা উৎপাদন কৰা এটা হেটচাৰিও আছে ৷ লক্ষণীয় যে তেওঁ বছৰত 20ৰ পৰা 25 লাখ উপাৰ্জন কৰে । ইয়াৰে লাভৰ এটা অংশ মৎস্য পালনৰ সৈতে জড়িত থকা ব্যৱসায়ী আৰু কৰ্মীক দিয়া হয় ৷ নিতৌ 20-25 জন লোকে তেওঁৰ ফাৰ্মত কাম কৰি পৰিয়াল চলাবলৈ সক্ষম হৈছে ।
হয়, যিসময়ত চৰকাৰী মীন বিভাগে মীন আইন কেৱল কাগজ-পত্ৰতে সীমাবদ্ধ ৰাখি থলুৱা মাছৰ প্ৰজননৰ সময়ত হাত সাৱটি বহি থাকে, তেনে সময়ত মহেন্দ্ৰ বুঢ়াগোঁহায়ে অকলেই নদী সৃষ্টি কৰি থলুৱা মাছ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে বহু লোকক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জীয়াই থকাত সকাহ দিবলৈ প্ৰয়াস কৰা কাৰ্য নিঃসন্দেহে প্ৰশংসনীয় পদক্ষেপ ৷