অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

কোনো কাৰণতে সাৰি যাব নোৱাৰিব দোষী: জি পি সিং - DGP G P Singh

Bomb disposal incident in Assam: স্বাধীনতা দিৱসৰ দিনা বোমা সংস্থাপনৰ ঘটনা সন্দৰ্ভত ডিজিপিৰ প্ৰতিক্ৰিয়া । আৰক্ষীৰ হাতত যথেষ্ট শক্তিশালী তথ্য আছে আৰু আৰক্ষীয়ে সেইবোৰ আদালতত দাখিল কৰিব বুলি উল্লেখ কৰাৰ লগতে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পলায়ন সন্দৰ্ভতো প্ৰতিক্ৰিয়া জি পি সিঙৰ ।

DGP react on bomb disposal incident on Independence Day and other issues
কোনো কাৰণতে সাৰি যাব নোৱাৰিব দোষী (ETV Bharat Assam)

গুৱাহাটী,১ অক্টোবৰ: স্বাধীনতা দিৱসৰ দিনা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰা আৰু বোমা কঢ়িওৱা প্ৰায়খিনি লোককে গ্ৰেপ্তাৰ কৰা হৈছে । এই কথা সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত আলফা স্বাধীনৰ দ্বাৰা স্বাধীনত‍া দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰা ঘটনা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ডি জি পি জি পি সিঙে ।

আৰক্ষী সঞ্চালক প্ৰধান সিঙে কয়,"বোমা কঢ়িওৱা আৰু সংস্থাপন কৰা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকসকলে নিজৰ দায়িত্ব স্বীকাৰ কৰিছে । মই এটাই কথা ক'ব বিচাৰিছো যে অসমলৈ ঘূৰি অহা শান্তি বৰ্তাই ৰখাৰ বাবে মই সকলোৰে প্ৰতি আহ্বান জনাইছো । যিখিনি ল'ৰাই এই বোমা সংস্থাপন কৰিছিল তাৰ প্ৰায়খিনি অসমত থকা অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ । লাভ কৰা তথ্য আৰু মোৰ 'নিয়া'ৰ অভিজ্ঞতাৰ পৰা এটা কথা ক'ব পাৰো যে তেওঁলোকৰ নিশ্চিতভাৱে ক'নভিকচন হ'ব । তেওঁলোকে অপ্ৰত্যাশিতভাৱে নিজৰ জীৱনটো নষ্ট কৰিব বিচাৰিছে ।"

কোনো কাৰণতে সাৰি যাব নোৱাৰিব দোষী (ETV Bharat Assam)

তেওঁ লগতে কয়,"যিসকল এতিয়াও এই কাৰ্যত জড়িত হৈ আছে তেওঁলোকক মই আঁতৰি আহিবলৈ আহ্বান জনাইছো । আমি বহু তথ্য লাভ কৰিছো আৰু একচন লোৱা হ'ব । আমি এতিয়ালৈকে যিসকলক গ্ৰেপ্তাৰ কৰিছো, টেকনিকেল তথ্যৰ আধাৰত গ্ৰেপ্তাৰ কৰিছো । আমাৰ হাতত যথেষ্ট শক্তিশালী তথ্য আছে আৰু আমি সেইবোৰ আদালতত দাখিল কৰিম । কিছুমানে বোমা স্থাপন কৰিছে, কিছুমানে বোমা আনিছে, কিছুমানে বোমা অনা মানুহ হায়াৰ কৰিছে, কিছুমানে পইচা সৰবৰাহ কৰিছে আৰু এনেকে এটা ডাঙৰ নেটৱৰ্ক আছে । সেই নেটৱৰ্কটো আমি সম্পূৰ্ণ ৰূপে উলিয়াইছো । সকলোৰে ভূমিকা সন্দৰ্ভত আমি আদালতত শ্বাৰ্জশ্বিট দিম ।"

আনহাতে পলাতক হৈ থকা প্ৰৱঞ্চক দীপাংকৰ বৰ্মন সন্দৰ্ভত ডি জি পিয়ে কয়,"কিমান দিন পলাই থাকিব । মই আগতেই কৈছো যে যিয়েই নহওক কিয় কোনো সাৰি যাব নোৱাৰে । ডিজিটেল বেচড ডাটা আছে । সকলো তথ্য ডিজিটেলী আছে । সকলো বিভাগ একেলগ হৈ কাম কৰি আছো । গতিকে কোনো কাৰণতে কোনো পধ্যেই সাৰি কোনো যাব নোৱাৰে । দুদিন অগাপিছাকৈ ধৰা পৰিব আৰু ক'নভিকচনো হ'ব ।"

প্ৰৱঞ্চক স্বপ্ননীল দাসৰ প্ৰসংগত ডিজিপিয়ে কয়,"প্ৰতিটো গোচৰত সেইধৰণে একচন লোৱা হ'ব । কোনো সাৰি যাব নোৱাৰে । ডিজিটেল তথ্যৰ ভিত্তিত তদন্ত চলাই থকা হৈছে । ইয়াত ফিজিকেল নাইবা অ'ৰেল তথ্যৰ প্ৰয়োজন নাই । সকলো ডিজিটেল আৰু গতিকে কোনো সাৰি যাব নোৱাৰে ।" লগতে ধৃত দুলাল বৰা প্ৰসংগত ডি জি পিয়ে কয়, "আপোনালোকে খুচৰিলে সকলো গম পাব । আজি নহয় বহু আগৰ পৰা কাহিনীটো চলি আছে । একচন হৈ আছে । আগতেও জেল খাটি আহিছে । আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব ।"

লগতে পঢ়ক:দেওবাৰে দিনৰ 2.17 বজাত স্কেন হৈছিল প্ৰশ্নকাকত; চিমেন চাপৰিৰ এজনক আটক - ADRE Question Paper Leak

লক্-আপৰ ফটো ভাইৰেল, বিপদত পৰাৰ দিশে ডিব্ৰুগড় আৰক্ষী - Dibrugarh Police Station

ABOUT THE AUTHOR

...view details