তিনিচুকীয়া, ১৫ জুন : শূন্য দূৰত্বৰ পৰা মূৰত গুলীয়াই হত্যা কৰাৰ লগতে চুৰীৰে আঘাত কৰা হৈছিল ফাইজান আহমেদক ৷ দিল্লীত অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞ অজয় কুমাৰ গুপ্তাই কৰা এই বক্তব্যই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
কোন আছিল ফাইজান আহমেদ ?
মেধাৱী ফাইজান আহমেদ (২৩) তিনিচুকীয়া গেলাপুখুৰীৰ চেলিম আহমেদ আৰু ৰেহানা বেগমৰ একমাত্ৰ সন্তান ৷ ফাইজান আহমেদে তিনিচুকীয়াৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ সুনাম কঢ়িয়াই আনিছিল ৷ যাৰবাবে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ বাবেও ফাইজান আহমেদে আছিল নয়নৰ মণি ৷
খড়গপুৰ আই আই টিত কি হৈছিল ফাইজান আহমেদৰ ?
তিনিচুকীয়াৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কলকাতাৰ খড়গপুৰ আই আই টিত নামভৰ্তি কৰে ফাইজান আহমেদে ৷ তৃতীয় বৰ্ষত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাবী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ ২০২২ বৰ্ষৰ ১৪ অক্টোবৰত ৰহস্যজনকভাৱে এটা হোষ্টেলৰ কোঠাত উৱলি যোৱাৰ অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷
আই আই টিলৈ গৈ পৰিয়ালৰ লোকে কি দেখিছিল ?
চাঞ্চল্যকৰ খবৰটো লাভ কৰাৰ পিচতে ফাইজান আহমেদৰ পিতৃসহিতে পৰিয়ালৰ কেবাজনো লোক ঢপলিয়াই যায় কলকাতাৰ খড়গপুৰ আই আই টিলৈ ৷ সেই সময়ত মাতৃয়ে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি দাঙি ধৰা বিৱৰণ অনুসৰি ফাইজানৰ মৃত্যুৰ তথ্য সম্পূৰ্ণ লুকুৱাব বিচাৰিছিল আই আই টি কৰ্তৃপক্ষ, হোষ্টেলৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় আৰক্ষীয়ে ৷ যিহেতু উক্ত ঘটনা সংঘটিত হোৱাৰ তিনিটা দিনৰ পিচতহে পৰিয়ালক অৱগত কৰোৱা হৈছিল ৷
লগতে পঢ়ক:খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
হোষ্টেলৰ ভিতৰত এজন ছাত্ৰৰ মৃত্যু হৈ মৃতদেহ উৱলি যোৱাৰ পিচতো হোষ্টেল কৰ্তৃপক্ষই গম নাপোৱাটোৱে সৃষ্টি কৰিলে ৰহস্যৰ ৷ মৃতদেহ উৱলি যোৱাৰ পিচত আন ছাত্ৰই গোন্ধ পাই চাওতেহে ফাইজানৰ মৃত্যুৰ কথা গমপোৱা বুলি কোৱাটোৱে অধিক ৰহস্যৰ সৃষ্টি কৰে ৷
এইক্ষেত্ৰত আই আই টিৰ লগতে হোষ্টেলৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে, সমান্তৰালভাৱে খড়গপুৰ আৰক্ষীয়ে সকলো তথ্য লুকুৱাব বিচাৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে ফাইজান আহমেদ ৰাজেন্দ্ৰ প্ৰসাদ হোষ্টেলৰ ছাত্ৰ আছিল, কিন্তু মৃতদেহ উদ্ধাৰ হয় লালা ৰাজপট ৰায় হোষ্টেলত ৷ মাহীয়েকে ফাইজানৰ লগত মঙলবাৰে ফোনত কথা পাতিছিল আৰু শুকুৰবাৰে পুৱা উক্ত খবৰটো পাইছিল ৷
তদন্ত কেনেদৰে হৈছিল ?
পৰৱৰ্তী সময়ত ফাইজান আহমেদৰ পৰিয়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ন্যায় বিচাৰি এখন পত্ৰ লিখাৰ লগতে এই সন্দৰ্ভত উচিত তদন্ত কৰি ন্যায় প্ৰদানৰ দাবীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ সেই সময়তেই মাতৃ ৰেহানা বেগমে ফাইজান আহমেদৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড আখ্যাৰে চি বি আই তদন্তৰ দাবী জনাইছিল ৷
উক্ত ঘটনাৰ সন্দৰ্ভত ছাত্ৰগৰাকীৰ পিতৃ চেলিম আহমেদৰ আবেদনৰ সৈতে মোকাবিলা কৰি কলকাতা উচ্চ ন্যায়ালয়ে খড়গপুৰ আই আই টিৰ সঞ্চালকক ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যুৰ গোচৰ সন্দৰ্ভত আদালতত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷ উক্ত ঘটনাক স্পষ্টকৈ ৰেগিংজনিত বুলি অভিহিত কৰি আদালতে ৰেগিঙৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীৰ নামো বিচাৰে ।
লগতে পঢ়ক:হত্যা কৰা হৈছিল IITৰ ছাত্ৰ ফাইজানক !
ইফালে ন্যায়াধীশ ৰাজশেখৰ মন্থাৰ বিচাৰপীঠে বিষয়টোৰ তদন্ত কৰি থকা সংশ্লিষ্ট আৰক্ষী বিষয়াজনে দাখিল কৰা প্ৰতিবেদনখন পৰীক্ষা কৰি প্ৰতিষ্ঠানখনত দ্বিতীয় বৰ্ষৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলক জ্যেষ্ঠ ছাত্ৰ এটা দলে শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগৰ সত্যতা উল্লেখ কৰে ।
ফাইজানৰ মৃতদেহ পুনৰ কিয় খান্দি উলিয়ায় ?
২০২৩ চনৰ ২৩ মে’ত ৭ মাহৰ পিচত খান্দি উলিওৱা হয় খড়গপুৰত মৃত্যু হোৱা তিনিচুকীয়াৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ ৷ কলকতাৰ পৰা অহা পশ্চিমবংগৰ অপৰাধ অনুসন্ধান শাখাৰ এটা তদন্তকাৰী দলে ডিব্ৰুগড়ৰ কবৰস্থানৰ পৰা খান্দি উলিয়ায় ফাইজানৰ মৃতদেহটো ৷
বৰ্তমান কি চলি আছে ?
শেহতীয়াকৈ পৰিয়ালে সন্দেহ কৰাৰ দৰেই দিল্লীত অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞ অজয় কুমাৰ গুপ্তাৰ এক বক্তব্যই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞগৰাকীৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ফাইজান আহমেদক কাণত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ লগতে চুৰীৰে আঘাত কৰা হৈছিল ৷
তাৰ পিচতেই এতিয়া তিনিচুকীয়াত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়ে এয়া সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰাৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে উচিত তদন্তৰ ক্ষেত্ৰত ৷
লগতে পঢ়ক:বিস্ফোৰক তথ্য উদ্ঘাটনৰ পিচতো মিথ্যাত পৰিণত নহয়তো ‘ন্যায়’ শব্দটো ?