দেৰগাঁও, ৭ অক্টোবৰ:বিগত কেইবামাহ ধৰি ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত মাৰোৱাৰী সমাজ আৰু খিলঞ্জীয়া লোকৰ মাজত চলা সংঘাত এতিয়া কিছু শাম কাটিছে । শিৱসাগৰত মাৰোৱাৰী সমাজে তামোল-পাণ শৰাইত লৈ ৰাইজৰ সন্মুখত আঠু লোৱাৰ পিছত এইবাৰ এই সম্প্ৰদায়টোৰ একাংশ লোকে গ্ৰহণ কৰিছে এক ইতিবাচক সিদ্ধান্ত । অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমীয়া ভাষাটো শিকিবলৈ আহ্বান জনাইছে একাংশ সচেতন মাৰোৱাৰীয়ে ।
সমন্বয় প্ৰতিফলিত কৰাৰ ইতিবাচক সিদ্ধান্ত
সমগ্র ৰাজ্যত বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে দেৰগাঁও মাৰোৱাৰী সম্প্ৰদায়ে গ্ৰহণ কৰিছে সমন্বয় প্ৰতিফলিত কৰাৰ এক ইতিবাচক সিদ্ধান্ত । দেৰগাঁও মাৰোৱাৰী সম্প্ৰদায়ৰ একাংশ নেতৃস্থানীয় ব্যক্তিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । দেৰগাঁৱত বসবাস কৰা মাৰোৱাৰী সম্প্ৰদায়ৰ শিশুৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী পুৰুষ-মহিলাক অসমীয়া ভাষা ক'ব আৰু লিখিবলৈ আহ্বান জনাইছে ।
ছমাহৰ ভিতৰত সকলোৱে শিকিব লাগিব অসমীয়া