গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: কংগ্ৰেছত থাকি চৰকাৰক সমৰ্থন জনোৱা বিধায়কৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে ন্যায়ালয়ৰ কাষ চপা হ'ব । এই মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ । দলীয় সংঘাতত জৰ্জৰিত হোৱা অসম প্ৰদেশ কংগ্ৰেছত এতিয়া আৰম্ভ হৈছে এটা নতুন ধাৰা ৷ বিধায়ক শশীকান্ত দাসে আৰম্ভ কৰা ধাৰাটোক যেন আৰু শক্তিশালী কৰি তুলিলে প্ৰথমাৱস্থাত ছিদ্দিক আহমেদ আৰু শেহতীয়াকৈ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে ৷ সেয়া হৈছে কংগ্ৰেছৰ বিধায়ক হৈ বিজেপি চৰকাৰক সমৰ্থন ৷
শশীকান্ত দাসে প্ৰায় এবছৰ পূৰ্বে বিধানসভাত মুখ্যমন্ত্ৰীৰ ভৰি চুই স্বীকাৰ কৰিছিল আনুগত্য ৷ পৰৱৰ্তী সময়ত তেওঁ সমালোচনাৰ সন্মুখীন হোৱাৰ পিচত চৰকাৰক সমৰ্থন জনাব বুলি স্পষ্ট কৰে আৰু প্ৰদেশ কংগ্ৰেছে তেওঁক দলৰ পৰা বহিস্কাৰ কৰে ৷ একেই পথেৰে আগবাঢ়িল ছিদ্দিক আহমেদো ৷ আকৌ এতিয়া প্ৰদেশ কংগ্ৰেছৰ চুকত থাকি বুকুত কামোৰ মাৰিলে বিধায়ক কমলাক্ষ আৰু বসন্ত দাসে ৷
মাত্ৰ কেইদিনমান পূৰ্বে কমলাক্ষ দে’ আৰু বসন্ত দাসে মুকলিকৈ ঘোষণা কৰিলে যে তেওঁলোকে বিজেপি চৰকাৰক সমৰ্থন আগবঢ়াব ৷ এফালে বিভিন্নজনৰ দল ত্যাগ আৰু আনফালে ঘৰতে থাকিয়েই পৰক সমৰ্থন দুই বিধায়কৰ ৷ বাৰুকৈয়ে বিপাঙত পৰিছে কংগ্ৰেছ ৷ যাৰ বাবে এতিয়া ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিব লগীয়া হৈছে ৰকিবুল হুছেইনে ৷
উল্লেখ্য যে চৰকাৰক সৰ্মথন কৰাৰ বাবে কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাস আৰু ছিদ্দিক আহমেদক কংগ্ৰেছ দলে দলৰ পৰা নিলম্বন কৰিছিল । লগতে তেওঁলোকৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষৰ ওচৰত কংগ্ৰেছ বিধায়িনী দলে আবেদন কৰিছিল । কিন্তু এতিয়ালৈকে কংগ্ৰেছৰ নিলম্বিত বিধায়ক দুজনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । চৰকাৰক সমৰ্থনকাৰী কংগ্ৰেছ বিধায়কৰ তালিকাখন দীঘলীয়া হ’বলৈ ধৰাত দলটোৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে ।