অসম

assam

কাৰ একাউণ্টত সোমাল চৰকাৰী ধন ? কিয় প্ৰতিবাদত নামিল খহনীয়াগ্ৰস্ত ৰাইজ ? - Deprived of government aid

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 1:43 PM IST

EROSION IN GOALPARA : ধনী শ্ৰেণীৰ একাউণ্টত সোমাল চৰকাৰী সাহায্য, বঞ্চিত হ'ল প্ৰকৃত হিতাধিকাৰী । গাঁওবুঢ়া, চক্ৰ বিষয়া, লাট মণ্ডলৰ বিৰুদ্ধে বঞ্চিত হিতাধিকাৰীসকলৰ প্ৰতিবাদ । নৈৰ খহনীয়াত ক্ষতিগ্ৰস্ত লোকলৈ চৰকাৰে আৱণ্টন দিয়া ক্ষতিপূৰণ নাপালে প্ৰকৃত হিতাধিকাৰীয়ে ।

Deprived beneficiaries protest demanding justice in Goalpara
গোৱালপাৰাত প্ৰতিবাদ (ETV Bharat Assam)

গোৱালপাৰা, ১ ছেপ্টেম্বৰ : খহনীয়াত জৰ্জৰ গোৱালপাৰা জিলাৰ এক বিস্তীৰ্ণ অঞ্চলৰ লোক । খহনীয়াগ্ৰস্ত ৰাইজে দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰিও লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰী সাহায্য । আনহাতে চৰকাৰে সাহায্য প্ৰদান কৰিছে যদিও প্ৰকৃত খতিগ্ৰস্তই লাভ নকৰাৰ অভিযোগো দীৰ্ঘদিনীয়া । সেয়ে, বঞ্চিত হিতাধিকাৰীয়ে ন্যায় প্ৰাপ্তিৰ দাবীত পুনৰ সাব্যস্ত কৰে প্ৰতিবাদ ।

গোৱালপাৰাত প্ৰতিবাদ (ETV Bharat Assam)

গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চল তথা বৰপেটা জিলাৰ দক্ষিণ দক্ষিণ প্রান্তৰ চেঙা সমষ্টিৰ সুখোৱাৰঝাৰ গাঁৱত গাঁও প্ৰধান, লাটমণ্ডল, ৰাজহচক্ৰ বিষয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গৰাখহনীয়া কৱলত পৰি সৰ্বস্বান্ত হোৱা ভুক্তভোগী ৰাইজে ।

সুখোৱাৰঝাৰ গাঁৱৰ কেবাটাও পৰিয়াল ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াত হৈ পৰিছে গৃহহীন, সৰ্বস্বান্ত । ৰাজহ বিভাগৰ জৰিয়তে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰলৈ ক্ষতিপূৰণ তথা পুনঃসংস্থাপনৰ বাবে আৱণ্টন দিছিল প্ৰায় এক লাখকৈ টকা । সেই অনুসৰি গাঁওখনৰ গাঁও প্ৰধান, লাটমণ্ডল আৰু মুখিয়াল লোকসকলে প্ৰস্তুত কৰিছিল হিতাধিকাৰীৰ তালিকা । পিচে তালিকাত প্ৰকৃত হিতাধিকাৰীৰ নাম নোসোমাল বুলি অভিযোগ কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে ।

প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে একাংশ ধনী আৰু ক্ষয়-ক্ষতি নোহোৱা পৰিয়ালৰ নামহে তালিকাখনত অন্তৰ্ভুক্ত হোৱাৰ দাবী একাংশ ৰাইজৰ । কেৱল এয়াই নহয় প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি এটা প্ৰতিষ্ঠিত পৰিয়ালৰ আঠজনকৈ সদস্যৰ নাম উক্ত তালিকাত স্থান পোৱা বুলি অভিযোগ উত্থাপন কৰে একাংশ খতিগ্ৰস্তই ।

দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি ধনী লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাত হতভম্ব ভুক্তভোগী ৰাইজ । সেয়ে গাঁওখনৰ খহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালে একগোট হৈ তালিকা নতুনকৈ প্ৰস্তুত কৰি প্ৰকৃত হিতাধিকাৰীক ক্ষতিপূৰণৰ দিহা কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে প্ৰতিবাদৰ জৰিয়তে ।

লগতে পঢ়ক:খহনীয়াত নিঃশেষ এখন বিদ্যালয়: ৫ ছেপ্টেম্বৰত অনশনত বহিব প্ৰধান শিক্ষক - Cachar erosion

বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ - AASU PROTEST

ABOUT THE AUTHOR

...view details