জোনাই, ৫ ছেপ্টেম্বৰ : বৰ্তমান কেনেকৈ আৰু কি পৰিৱেশত আছে বানত ঘৰ-বাৰী হেৰুওৱা শিৱগুৰিৰ ৫০ টা পৰিয়াল ? প্ৰায় দুমাহ ধৰি জোনাই সদৰৰ এটা আশ্ৰয় শিৱিৰত ৫০ টা পৰিয়ালে কণ-কণ সন্তানক লৈ অনিশ্চয়তাৰে জীৱন কটাইছে যদিও পুনৰসংস্থাপনৰ বাবে তৎপৰতা নাই চৰকাৰ, মহকুমা প্ৰশাসন কিম্বা স্থানীয় বিধায়ক তথা সাংসদকে ধৰি কাৰোৰে মাজত ৷
উল্লেখ্য যে যোৱা প্ৰায় দুমাহ পূৰ্বে চিয়াং, দিবাং আৰু দতুং নদীৰ প্ৰলয়ংকাৰী বানত তচনচ হোৱা জোনাইৰ ওপৰ কবু চাপৰিৰ শিৱগুৰিৰ ৫০ টা পৰিয়ালে সম্পূৰ্ণৰূপে ঘৰ-ভেটি হেৰুৱায় ৷ তাৰ পিছত পৰিয়ালকেইটাই আজি প্ৰায় দুমাহে আশ্ৰয়গ্ৰহণ কৰি আছে জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা এটা অস্থায়ী আদৰ্শ বান শিৱিৰত ৷
জানিব পৰা মতে আশ্ৰয় শিৱিৰত থকা শিৱগুৰি গাঁৱৰ ৰাইজক জোনাই মহকুমা প্ৰশাসনে থকামেলা, চাউল, দাইল, চয়াবিন, নিমখ-জলকীয়া আদি খাদ্য সামগ্ৰীকে ধৰি কণকণ শিশুসকলক কাষৰ বিদ্যালয়সমূহত শিক্ষাৰ ব্যৱস্থা কৰি আছে ৷ তথাপি ৫০ টা পৰিয়ালে এটা টিউবৱেলকে ব্যৱহাৰ কৰাৰ লগতে অতি দুৰৱস্থাত থকা শৌচালয় পুৰুষ-মহিলাসকলে ব্যৱহাৰ কৰিবলগীয়া হয় ৷ ইয়াৰ উপৰিও শিৱিৰটোৰ চৌপাশে দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰাত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে যদিও স্বাস্থ্য বিভাগ কিম্বা জনস্বাস্থ্য কাৰিকৰী বিভাগে খবৰ নোলোৱাৰ অভিযোগ কৰিছে শিৱিৰটোৰ ৰাইজে ৷
ইফালে আজি প্ৰায় দুমাহে শিৱিৰটোত থকা লোকসকলৰ কোনোধৰণৰ কৰ্ম-সংস্থাপন নথকাত তীব্ৰ আৰ্থিক সমস্যাই দেখা দিছে ৷ ৰাইজে জানিবলৈ দিয়া মতে শিৱগুৰি গাঁৱৰ ৫০ টা পৰিয়ালক পুনৰসংস্থাপনৰ বাবে সীমান্তৰ ঐৰামঘাটত ভূমি প্ৰদানৰ বাবে বিধায়ক ভূৱন পেগু আৰু মহকুমা প্ৰশাসনে সিদ্ধান্ত লোৱাত ভুক্তভোগী ৰাইজে কিছু নিশ্চিন্ত হৈছিল যদিও উক্ত সিদ্ধান্তও ৰহস্যজনকভাৱে স্থবিৰ হৈ পৰাত অনিশ্চয়তাৰে আশ্ৰয় শিৱিৰত দিন কটাইছে ভুক্তভোগী ৰাইজে ৷