অসম

assam

ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ভোট বৰ্জনৰ হুংকাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ এই প্ৰাকমুহূৰ্তত ভোট বৰ্জনৰ হুংকাৰ শিলচৰ লোকসভা সমষ্টিৰ সোনাই স্বাধীনতা বজাৰ গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ প্ৰায় ৮ শতাধিক ভোটাৰ ৰাইজৰ । পূৰ্বৰ ভোটগ্ৰহণ কেন্দ্ৰ কৰ্তন কৰি ৫ কিঃমিঃ আঁতৰৰ বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বাবেই এই সিদ্ধান্ত অঞ্চলটোৰ ৰাইজৰ ।

Decision to boycott votes for shifting of previous polling center in Silchar
ভোট বৰ্জনৰ হুংকাৰ শিলচৰৰ এটা অঞ্চলৰ ৰাইজৰ

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 7:38 AM IST

Updated : Apr 25, 2024, 9:46 AM IST

ভোট বৰ্জনৰ হুংকাৰ শিলচৰৰ এটা অঞ্চলৰ ৰাইজৰ

শিলচৰ,২৫ এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ভোট বৰ্জনৰ হুংকাৰ দিছে এটা অঞ্চলৰ ৰাইজে । শিলচৰ লোকসভা সমষ্টিৰ সোনাই স্বাধীনতা বজাৰ গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ প্ৰায় ৮ শতাধিক ভোটাৰ ৰাইজে ভোট বৰ্জনৰ হুংকাৰ দিয়ে । ভোটগ্ৰহণ কেন্দ্ৰ অন্য স্থানলৈ স্থানান্তৰ কৰাৰ বাবেই ভোট বৰ্জনৰ সিন্ধান্ত গ্ৰহণ কৰে অঞ্চলটোৰ ভোটাৰ ৰাইজে ।

ৰাইজৰ অভিযোগ, বছৰ বছৰ ধৰি স্বাধীনতা বজাৰ গাঁও পঞ্চায়তৰ তিনি নং ৱাৰ্ডৰ ভোটাৰসকলে কাষতে থকা স্বাধীন বজাৰ হাইস্কুলত ভোটদান কৰি আহিছে । কিন্তু এইবাৰ ৰহস্যজনকভাৱে তেওঁলোকৰ এই ভোটগ্ৰহণ কেন্দ্ৰটো স্থানান্তৰ কৰি প্ৰায় ৫ কিলোমিটাৰ আঁতৰৰ আন এখন বিদ্যালয়ত স্থাপন কৰা হৈছে । যাৰ বাবে অঞ্চলটোৰ ভোটাৰ ৰাইজৰ মাজত এক ক্ষোভৰ সৃষ্টি হৈছে ।

৫ কিলোমিটাৰ আঁতৰত গৈ কেনেকৈ মহিলা, যুৱতী তথা বয়োজ্যেষ্ঠ লোকসকলে ভোটদান কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে । লগতে তেওঁলোকে কয় যে, ভোটগ্ৰহণ কেন্দ্ৰ স্থানান্তৰ কৰি যি ভোটকেন্দ্ৰত এতিয়া তেওঁলোকে ভোটদান কৰিব লাগিব সেই ভোটগ্ৰহণ কেন্দ্ৰটো বহু বিতৰ্কিত বুলি পূৰ্বৰে অভিযোগ উত্থাপন হৈ আহিছে ।

তেনেস্থলত পূৰ্বৰ ভোটগ্ৰহণ কেন্দ্ৰত কোনো অসুবিধা নোহোৱাকৈ হঠাতে ভোটগ্ৰহণ কেন্দ্ৰটো কিয় কাটি লোৱা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে । শীঘ্ৰেই যদি পুৰণি ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰাৰ সুযোগ কৰি দিয়া নহয় তেন্তে শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোট বৰ্জন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক:অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ : ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য - Lok Sabha Elections 2024

Last Updated : Apr 25, 2024, 9:46 AM IST

ABOUT THE AUTHOR

...view details