মিৰ্জা, 12 মাৰ্চ :‘‘কা সন্দৰ্ভত পূৰ্বতে গোচৰ তৰা হৈছিল যদিও পুনৰ আদালতত গোচৰ তৰা হ’ব । কা-খন এখন জঘন্য সংবিধান বিৰোধী আইন । বিৰোধী ঐক্য মঞ্চৰ হৰতাল কাৰ্যসূচীৰ প্ৰতি সকলো অসমীয়াই সহযোগিতা আগবঢ়াওক ৷" দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমান বন্দৰত মঙলবাৰে সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এই মন্তব্য আগবঢ়ায় কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ৷ আনকি কা-ৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ যাব বুলিও তেওঁ মন্তব্য কৰে ৷
লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত বিৰোধী দলপতিগৰাকীয়ে শাসকীয় দলটোক কটাক্ষ কৰি কয়, "বিজেপিয়ে ৱাচিং মেচিনত ভৰাবলৈ সকলোকে অনাৰ দৰেই অৱস্থা হোৱা নাই কংগ্ৰেছৰ । কংগ্ৰেছত নেতাৰ অভাৱ হোৱা নাই । মই ইমান ভয়াতুৰ নহয়, ব্যক্তিগভাৱে ইচ্ছা নাথাকিলেও দলে বিচাৰিলে যোৰহাট কিয় যিকোনো সমষ্টিতেই নিৰ্বাচন খেলিবলৈ সাজু’’ ।