শিৱসাগৰ,৩ ছেপ্টেম্বৰ:অসম বিধানসভাৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক মন্তব্য আৰু সেই মন্তব্যক লৈ ৩০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ । বিৰোধী দলপতিগৰাকীক নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবীত ৩০ টা সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ । অসম বিধানসভাত ভুল মন্তব্য কৰা বুলি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল দল-সংগঠনসমূহে । দেৱব্ৰত শইকীয়াই স্থিতি স্পষ্ট নকৰিলে ৪ ছেপ্টেম্বৰৰ গৌৰৱ গগৈৰ সম্বৰ্ধনা সভা পাতিবলৈ নিদিয়াৰো হুংকাৰ দিছিল দল-সংগঠনৰ নেতাসকলে ।
অৱশেষত অন্ত পৰিল সংগঠনসমূহৰ ক্ষোভৰ । স্থিতি স্পষ্ট কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই । মঙলবাৰে ৩০ জাতীয় সংগঠনৰ সৈতে শিৱসাগৰৰ জয়সাগৰস্থিত জুইশাল ৰেস্তোৰাঁত বিধায়ক দেৱব্ৰত শইকীয়াৰ আলোচনা সম্পন্ন । আলোচনাৰ অন্তত, ক্ষোভ-অসন্তুষ্টি অন্ত পৰাৰ পাছত এসাঁজ ভাতেৰে দল-সংগঠনক আপ্যায়ন বিৰোধী দলপতি গৰাকীৰ ।
মুখ্যমন্ত্ৰীয়ে কথাৰে সাত হাল বায়:
ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতিগৰাকীয়ে কয়,"হিন্দু ধৰ্মত ঔম শব্দটোৰ পৰা হাজাৰ হাজাৰ অৰ্থ ওলায় । ঠিক তেনেকৈ মই যিখিনি কথা কৈছিলো তাক লৈ সংগঠনসমূহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল । মই আগতেই কৈছো মুখ্যমন্ত্ৰীগৰাকীয়ে কথাৰে সাত হাল বায় । তেখেতে এটা গিলাচত যদি আধা গিলাচ পানী থাকে তেখেতে আধা ভৰ্তি বুলিও ক'ব পাৰে । ঠিক তেনেকৈ মোৰ কথাখিনিক লৈ তেখেতে সদনত টুইষ্ট কৰিছিল । যাৰ ফলত অলপ ভুল বুজাবুজি হৈছিল ।"
লগতে তেওঁ কয়,"সেয়ে আজি চৰকাৰে যোৱা সময়ছোৱাত এগৰাকী খিলঞ্জীয়া ছোৱালীক ন্যায় দিব নোৱৰাৰ বাবে ৩০ সংগঠনে আন্দোলন কৰিছিল, সেই আন্দোলনৰ নেতৃবৰ্গৰ লগত কথা পাতিলো । মই তেখেতসকলক ক'লো- তেখেতসকলৰ যি উদ্দেশ্য, তেখেতসকলৰ অসমবাসীৰ প্ৰতি দায়বদ্ধতা, তাত মই তেখেতসকলক সন্দেহ কৰা নাই । যিটো ভুল বুজাবুজি হৈছিল সেইটো আঁতৰি গৈছে আৰু এই বিষয়ক লৈ কোনেও যাতে বিতৰ্ক নকৰে, সেইটোৱেই মোৰ আহ্বান ।"
অসমত এতিয়া এটা নেৰেটিভ বনোৱা হৈছে: