অসম

assam

ETV Bharat / state

শ্ৰম আইন উলংঘন! শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত বাইহাটা - Violation of labour laws in Baihata

Violation of labour laws in Baihata: প্ৰচণ্ড গৰমত শ্ৰমিকক অত্যাধিক কামৰ হেঁচা দিয়াৰ ফলত শ্ৰমিকৰ মৃত্যুৰ অভিযোগ ! ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ কৰ্ম প্ৰতিষ্ঠানৰ বিৰুদ্ধে শ্ৰম আইন উলংঘনৰ অভিযোগ ৷

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:32 PM IST

death of a worker was allegedly caused by excessive work pressure in the heat in Baihata
শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বাইহাটাত (Etv bharat assam)

মৃত ভাস্কৰ হাজৰিকা ওৰফে ভূপেন হাজৰিকা (Etv bharat assam)

বাইহাটা, 21 মে’:শ্ৰম আইনকঅংগুষ্ঠ প্ৰদৰ্শনৰ অভিযোগ ব্যক্তিগত খণ্ডৰ কৰ্ম প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ প্ৰচণ্ড গৰমত শ্ৰম আইন উলংঘন কৰি অত্যধিক সময় কামত নিয়োজিত কৰাৰ বাবে এগৰাকী কৰ্মচাৰীৰ মৃত্যু ঘটা বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীৰ লগতে আত্মীয়ই ৷ মৃত যুৱকজন কমলপুৰ আল্টা গাঁৱৰ ভাস্কৰ হাজৰিকা ওৰফে ভূপেন হাজৰিকা (25) ৷

কমলপুৰ আল্টাৰ পৱন ক্ৰাফট্ পেপাৰ উদ্যোগত কৰ্মৰত হৈ আছিল মৃত ভাস্কৰ হাজৰিকা ৷ জানিব পৰা মতে, যুৱকজনে নিশা উদ্যোগটোত কাম কৰি পুৱা ঘৰলৈ আহি পোৱাৰ পিছতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে । নিশা প্ৰচণ্ড গৰমত বাৰ ঘন্টা সময় প্ৰচণ্ড গৰমত কাম কৰাৰ বাবেই যুৱকজনৰ অকাল বিয়োগ হোৱাৰ অভিযোগ তুলিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ লগতে আত্মীয়ই ৷

কৰ্মচাৰীৰ লগতে আত্মীয়ৰ অভিযোগ অনুসৰি বিগত কেবাদিন ধৰি উদ্যোগ কৰ্তৃপক্ষক কামৰ সময় আঠ ঘণ্টা কৰাৰ দাবী তুলি আহিছিল প্ৰতিষ্ঠানটোত কৰ্মৰত শ্ৰমিকসকলে । কিন্তু শ্ৰমিকৰ দাবী তথা শ্ৰম আইন সমূলঞ্চে উলংঘা কৰি উদ্যোগ কৰ্তৃপক্ষই শ্ৰমিকসকলৰ ওপৰত প্ৰয়োগ কৰিছিল অত্যধিক সময়ৰ কামৰ হেঁচা ৷

প্ৰতিষ্ঠানটোৰ এগৰাকী শ্ৰমিকৰ মৃত্যু ঘটাৰ পাছতে ক্ষোভিত লোকসকলে শ্ৰমিকজনৰ নশ্বৰ দেহ লৈ গৈ প্ৰতিষ্ঠানটো ঘেৰাও কৰি প্ৰতিবাদ সাবস্ত কৰে । কৰ্মচাৰীগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । উদ্যোগ কৰ্তৃপক্ষই মৃত কৰ্মচাৰীগৰাকীৰ পৰিয়ালক পাঁচ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু স্থানীয় কমলপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উল্লেখ কৰা প্ৰয়োজন যে যুৱকগৰাকীক সংকটজনক অৱস্থাত কমলপুৰস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অক্সিজেন, এম্বুলেন্স নথকাৰ বাবে উপযুক্ত চিকিৎসা লাভ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:ধোঁৱাচাঙত শিশু শ্ৰমিক আইন; শিশু শ্ৰমিক সুৰক্ষা গোটৰ অভিযানত উদ্ধাৰ 11 টাকৈ শিশু শ্ৰমিক - Child labour rescue in guwahati

ABOUT THE AUTHOR

...view details