অসম

assam

ETV Bharat / state

শ্বহীদ কুশল কোঁৱৰৰ আত্মবলিদানে আমাক দিয়ে অতুলনীয় প্ৰেৰণা : মন্ত্রী জয়ন্ত মল্ল বৰুৱা - Martyr Kushal Konwar - MARTYR KUSHAL KONWAR

Freedom fighter Kushal Konwar : ৰাজ্যজুৰি শ্বহীদ কুশল কোঁৱৰক সশ্ৰদ্ধ স্মৰণ। গুৱাহাটীত বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন। মহানগৰীৰ নেহৰু পাৰ্কত প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ। ৰূপনগৰৰ স্বতন্ত্র সেনানী ভৱনতো বিশেষ কাৰ্যসূচীৰে শ্বহীদ কুশল কোঁৱৰক স্মৰণ।

MARTYR KUSHAL KONWAR
শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 9:34 PM IST

গুৱাহাটী, 15 জুন : 'আজিৰ এই স্বাধীন ভাৰতত আত্ম মৰ্যাদাৰে জীয়াই থাকিব পৰাৰ মূলতে হ'ল স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদান ৷ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগ আৰু আত্মবলিদানে আমাক এখন স্বাধীন ভাৰত দিছে য'ত আমি বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাবে নিজক প্ৰতিষ্ঠা কৰাৰ বাবে সুবৰ্ণ সুযোগ লাভ কৰিছো ৷' - এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷

ৰাজ্যজুৰি শ্বহীদ কুশল কোঁৱৰক সশ্ৰদ্ধ স্মৰণ (ETV BHARAT ASSAM)

শ্বহীদ কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে দেশমাতৃৰ মহান শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ এই উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু পাৰ্কত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে কয় ৷

মন্ত্ৰীগৰাকীয়ে শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ৷ ভাৰত মাতৃৰ সুযোগ্য সন্তান শ্বহীদ কুশল কোঁৱৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণত কয় যে আজিৰ এই পৱিত্ৰ দিনটোৱে আমাক স্বজাতিৰ হকে আত্মবলিদান দিয়াৰ কথা সোঁৱৰাই দিয়ে ৷ শ্বহীদগৰাকীয়ে দেশ সেৱাৰ হকে হাঁহি মুখে আত্মবলিদান দিছিল ৷ শ্বহীদ কুশল কোঁৱৰৰ আত্মবলিদানে আমাক অতুলনীয় প্ৰেৰণা দিয়ে বুলি সদৰী কৰি তেওঁ কয় যে কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামী সকলে ভাৰতবৰ্ষক যি ধৰণে সজাব বিচাৰিছিল সেইধৰণে যাতে আমি নিজক আগবঢ়াই নিব পাৰো তাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব ৷

লগতে পঢ়ক :সৰুপথাৰত ৮১ সংখ্যক মৃত্যু তিথিত শ্বহীদ কুশল কোঁৱৰক সোঁৱৰণ - Martyr Kushal Konwar

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা সেৱা আশ্ৰমৰ সেৱিকাসকলে গীতা আৰু উপনিষদ, আলি আজহাৰ হুছেইনে কোৰাণ পাঠ, ভগত সিঙে শিখ ধৰ্মীয় গ্ৰন্থ পাঠ কৰে ৷ অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, শ্বহীদ কুশল কোঁৱৰৰ বোৱাৰী যমুনা কোঁৱৰ, নাতি ফটিক কোঁৱৰ, ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি ৰাধানন্দ বৰা প্ৰমুখ্যে সন্মিলনৰ অন্যান্য বিষয়ববীয়া পুণেশ্বৰ দুৱৰা, গকুল গগৈ, জীতেন ভাগৱতী, ৰোহিণী কুমাৰ শৰ্মা দলৈ, অৱলা ডেকা, দ্বীজেন্দ্ৰ মোহন শৰ্মা, ধীৰেন চেতিয়া, বিনয় ৰঞ্জন শৰ্মা, কমল চন্দ্ৰ লহকৰ তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ৷

আনহাতে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত বীৰ শ্বহীদ কুশল কোঁৱৰৰ 81 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰূপনগৰস্থিত স্বতন্ত্ৰ সেনানী ভৱনতো এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম চৰকাৰৰ তৰফৰ পৰা অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে আজি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস পালন কৰা হয় ৷

লগতে পঢ়ক :ডিচেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব লাচিত মৈদাম : মুখ্যমন্ত্ৰী - Lachit Maidam

ABOUT THE AUTHOR

...view details