বৰপেটা, ৪ ছেপ্টেম্বৰ:অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শন, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ আজি সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ সমূহত পালন কৰা হৈছে ৷ গুৰুজনাৰ একান্ত শিষ্য মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ ৷
সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে পুৱাৰে পৰাই বৰপেটা সত্ৰত ভক্তসকলে গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে সত্ৰত পালিত নাম প্ৰসঙ্গত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য় যে বৰপেটা সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথিটো 'কীৰ্তন মহোৎসৱ' হিচাপে পালন কৰি আহিছে ৷ গুৰুজনাৰ কীৰ্তন মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰত পুৱাৰ গীত আৰু ভটিমা গোৱাৰ পিচতে ঘোষাপাঠ কৰা হয় ৷
আনহাতে, সত্ৰৰ গায়ন-বায়নে গুৰুঘাট পৰিবেশন কৰি ভোজন ব্যৱহাৰ অংক ৰূপায়ন কৰে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসঙ্গ আৰু হৰি নাম কীৰ্তনৰ ধ্বনিত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে ৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গায়ন-বায়নৰ বিবিধ সত্ৰীয়া ৰীতি পৰম্পৰা পৰিবেশনৰ লগতে সত্ৰৰ প্ৰসঙ্গত ভক্তসকলে সভক্তিৰে অংশগ্ৰহণ কৰে ৷