গুৱাহাটী, ১৫ মাৰ্চ : মহানগৰী গুৱাহাটীবুলিলেই এতিয়া মনলৈ আহে ক্ৰাইমৰ দৃশ্য ৷ দৈনিক মহানগৰীখনত অপৰাধজনিত বহু ঘটনা সংঘটিত হয় ৷ ধৰ্ষণৰ পৰা আৰম্ভ কৰি হত্যা, ডকাইতি, লুটপাট, অপহৰণ আজিকালিৰ দিনত তেনেই সাধাৰণ ঘটনা যেন অনুমান হয় ৷ শেহতীয়াকৈ কোঠাত যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰৰ কেবাটাও ঘটনাই কঁপাই গৈছে মহানগৰী ৷ এই ঘটনাবোৰৰ অনুসন্ধান চলিয়ে আছে বৰ্তমানলৈকে ৷ এইবোৰৰ মাজতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হ’ল মহানগৰীৰ খ্ৰীষ্টানবস্তিত ৷ এইবাৰ উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ ৷
মহানগৰীৰ খ্ৰীষ্টানবস্তিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ৷ খ্ৰীষ্টানবস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত উদ্ধাৰ তৃষ্ণা কাকতি নামৰ এগৰাকী যুৱতীৰ মৃতদেহ ৷ জানিব পৰা মতে, বিষ্ণু দেৱ কোচ নামৰ এজন ব্যক্তিৰ সৈতে লিভ ইনত আছিল মডেল তৃষ্ণা কাকতি ।
মন কৰিবলগীয়া যে, বিষ্ণু দেৱ কোচ পূৰ্বে বিবাহিত হৈয়ো প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি গৈছিল তৃষ্ণা কাকতিৰ সৈতে । মৰিগাঁৱত বিষ্ণু দেৱ কোঁচৰ আছে পত্নী আৰু সন্তান । প্ৰাপ্ত খবৰ অনুসৰি, বিয়াৰ বাবে তৃষ্ণাই বাৰে বাৰে হেঁচা প্ৰযোগ কৰিছিল বিষ্ণু দেৱ কোঁচক । সেই কথা মানি ল’ব বিচৰা নাছিল বিষ্ণু দেৱ কোঁচে ।