মঙলদৈ : জুই, জুই ! বৃহস্পতিবাৰে দৈনিক বজাৰৰ সময়তে হঠাৎ সৃষ্টি হ’ল এক হুলস্থূলীয়া পৰিৱেশৰ ৷ জুই লাগিছে ! দাউদাউকৈ জ্বলা জুইৰ লেলিহান শিখাই নিমিষতে চানি ধৰিছে সমগ্ৰ অঞ্চলটো ! মঙলদৈ চহৰৰ দৈনিক বজাৰৰ এটি অট্টালিকাত হঠাতে জুই লগাৰ ফলতে সৃষ্টি হয় এই হুৱাদুৱা পৰিৱেশৰ ! কিয়নো অট্টালিকাটোত আবদ্ধ হৈ আছে বহু লোক !
কেনেকৈ নুমাব এই জুই, কোনে কি কৰিব, কিদৰে উদ্ধাৰ কৰিব আবদ্ধসকলক এই লৈ হুলস্থূল ! ইয়াৰ মাজতে স্থানীয় এগৰাকী সচেতন লোকে আন কাৰোলৈ বাট নাচাই খবৰ দিয়ে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ।
মঙলদৈত জুই ! (ETV Bharat Assam) খবৰ লাভ কৰিয়েই তৎক্ষণাৎ উক্ত স্থানত উপস্থিত হয় ওচৰ-চুবুৰীয়া, ব্যৱসায়ীসহ সাংবাদিকো । অৱশেষত বহু সময়ৰ অন্তত সকলোৰে প্ৰচেষ্টাত উদ্ধাৰ কৰা হয় জুইত আবদ্ধ হৈ পৰা লোকসকলক ৷
প্ৰকৃততে এই সমগ্ৰ ঘটনাটো সঁচা নাছিল, মকড্ৰিলহে আছিল ৷ দৰং অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ উদ্যোগত আৰু দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত মঙলদৈ চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে মকড্ৰিল কৰা হয় । বৃহস্পতিবাৰৰ দিনটোত দৰং জিলাৰ প্ৰায় সাতটাকৈ স্থানত কৰা হয় এই মকড্ৰিলৰ কাৰ্যসূচী ।
হঠাতে কোনো অঞ্চলত জুই লাগিলে বা দুৰ্ঘটনা হ’লে ভয়ত বিতত নহৈ কেনেদৰে সেই দুৰ্ঘটনাৰ সৈতে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে দৰং জিলাত ৰাইজৰ মাজত মকড্ৰিলৰ কাৰ্যসূচী দাঙি ধৰা হয় ৷ লগতে যিকোনো এটা দুৰ্যোগ হ’লে যিমানসংখ্যক বাহিনী আছে যেনে - অগ্নি নিৰ্বাপক বাহিনী, অসামৰিক প্ৰতিৰক্ষা বিভাগ, মেডিকেল বিভাগ এইসমূহ থাকিলেও জনসাধাৰণে কেনেকৈ তৎক্ষণাৎ ইয়াৰ পৰা হাত সাৰিব পাৰে বা আনকো কেনেকৈ সহায় কৰিব এই মকড্ৰিলৰ মাধ্যমেৰে সকলো দেখুওৱা হয় ।
হঠাৎ ওখ অট্টালিকাত জুই লাগিলে কেনেকৈ প্ৰথমে এই জুই নুমুৱাব আৰু তাৰ পৰা আহত ব্যক্তিসকলক ততালিকে নমাই আনি মেডিকেললৈ পঠিয়াব লাগে সেই সকলোবোৰ এই মকড্ৰিলৰ জৰিয়তে ৰাইজৰ আগত নাট আকাৰে প্ৰদৰ্শিত কৰা হয় ৷
দৰং অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজলৈ অনুৰোধ জনাই যে এই বিভাগটো মঙলদৈ চহৰতে আছে ৷ দৰং জিলাৰ যিকোনো ঠাইত যিকোনো মুহূৰ্তত যিকোনো দুৰ্যোগেই নহওঁক কিয় তেওঁলোকক বিচাৰিলে ততালিকে পাব ।
অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰথমে জীৱন বচোৱা, সেয়া মানুহেই হওঁক বা জীৱ-জন্তুৱে হওঁক তেওঁলোকৰ যিকোনো বিপদ নাহক কিয় তেওঁলোক আগবাঢ়ি আহি মানুহৰ লগতে সকলোকে সহায় কৰাই তেওঁলোকৰ প্ৰধান উদেশ্য ।