মেষ ৰাশি: বিত্তীয় আৰু ব্যৱসায়িক বিষয়বোৰৰ বাবে দিনটো অনুকূল ৷ দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে, ভৱিষ্যতৰ বাবে লাভদায়ক হ’ব ৷ দিনটো আনন্দৰে কটাব ৷ সৰু-সুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
বৃষ ৰাশি: নতুন মানুহৰ সৈতে চিনাকী হ’ব ৷ দিনটো অনুকূল আৰু গোটেই দিনটো আনন্দত থাকিব ৷ বিনিয়োগ সম্বন্ধীয় সকলো সমস্যাৰ নিষ্পত্তি হ’ব ৷
মিথুন ৰাশি: বিভিন্ন চিন্তাত নিমগ্ন হৈ থাকিব ৷ আলোচনা আৰু তৰ্ক-বিতৰ্কৰ পৰা দূৰত থাকক ৷ আৱেগিক হৈ পৰিব পাৰে ৷ ভ্ৰমণত শুভ ৷ কিন্তু ভ্ৰমণ এৰাই চলাটোহে ভাল ৷ মানসিকভাৱে বিধ্বস্ত হৈ পৰিব পাৰে ৷ পানী বা আন কোনো তৰল পদাৰ্থৰ পৰা বিপদ আছে ৷
কৰ্কট ৰাশি: দিনটো ভাগ্যশালী হৈ থাকিব ৷ নতুন কাম আৰম্ভ কৰিবলৈ দিনটো বহুত ভাল ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে মতবিৰোধ হোৱাৰ সম্ভাৱনা ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷ সামাজিক মান বৃদ্ধি পাব ৷
সিংহ ৰাশি: দিনটো আৰ্থিক লাভৰ দিন ৷ দূৰ অঞ্চলৰ মানুহৰ সৈতে যোগাযোগৰ জৰিয়তে উপকৃত হ’ব ৷ পৰিয়ালৰ পৰা বিশেষকৈ বান্ধৱীসকলৰ পৰা সহযোগিতা পাব ৷ দাঁত বা চকুৰ সমস্যাৰ পৰা সকাহ পাব ৷
কন্যা ৰাশি: নতুন মানুহৰ সৈতে চিনাকী হ’ব, যাৰ পৰা ভৱিষ্যতত লাভৱান হ’ব ৷ আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাব ৷ ব্যৱসায়ত শ্ৰীবৃদ্ধি হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ আৰ্থিক লাভ নিশ্চিত ৷ কিছু সুসংবাদো পাব পাৰে ৷ ভ্ৰমণত শুভ ৷