অসম

assam

By ETV Bharat Features Team

Published : 4 hours ago

ETV Bharat / state

সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব এই ৰাশিৰ লোকৰ...ব্যৱসায়ীসকলৰ বাবে দিনটো হ’ব লাভদায়ক...কি কয় জ্যোতিষ শাস্ত্ৰই... - Daily Horoscope For 1st October

Daily Horoscope: আজি ৰাশি সলনি কৰি সিংহ ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 1st October 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: দিনটো শুভ ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব ৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব ৷

বৃষ ৰাশি: দিনটো অত্যন্ত শুভ ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব ৷ পদোন্নতি, দৰমহা বৃদ্ধি হ’ব পাৰে । মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি:মনটো অস্থিৰ হৈ থাকিব ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি এলাহ ভাৱ আছে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ সহকৰ্মীসকলৰ আচৰণ জটিল হ’ব, তেওঁলোকৰ পৰা সহযোগিতা নাপাব ৷

কৰ্কট ৰাশি:দিনটো দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক৷ কোনোপধ্যেই মুৰ গৰম হ’বলৈ নিদিব ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা দূৰত ৰাখক ৷

সিংহ ৰাশি: দিনটো আশানুৰূপ নহ’ব ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰ পৰা দূৰত থাকিব ৷ স্বাস্থ্যৰ যত্ন লওক ৷

কন্যা ৰাশি:দিনটো শুভ ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷

তুলা ৰাশি:দিনটো আনন্দৰে পাৰ হ’ব ৷ সুখ-সমৃদ্ধি বৃদ্ধি হ’ব ৷ গোটেই দিন প্ৰাণৱন্ত আৰু তজবজীয়া অনুভৱ কৰিব ৷ দুশ্চিন্তা নকৰিব ৷ অধিক চিন্তা কৰিলে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷

বৃশ্চিক ৰাশি: দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ বন্ধু আৰু আত্মীয়সকলৰ পৰা উষ্ম আচৰণ নাপাব ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে ৷ পানী দেখিলেই খং উঠিব ৷ নিজৰ বদনাম হ’বলৈ নিদিব ৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

ধনু ৰাশি:আনন্দৰে দিনটো পাৰ হ’ব ৷ ভাই-ভনীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে দিনটো ভাল ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে ৷

মকৰ ৰাশি: শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে অপ্ৰত্যাশিত লাভ পাব পাৰে ৷ ঘৰুৱা পৰিৱেশ বৰ ভালে নাথাকিব ৷ অসন্তোষ আৰু অস্থিৰতা বিৰাজ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সুস্থ মনোভাৱৰ ফলত নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷

কুম্ভ ৰাশি:গোটেই দিনটো প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব ৷ গ্ৰহৰ অৱস্থান ভালে থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷ স্পষ্ট মনোভাৱ আৰু আধ্যাত্মিকতাই মনটো ফুৰ্তিত ৰাখিব ৷ সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক ৷

মীন ৰাশি: স্বাস্থ্য আৰু ভাগ্যৰ দিশত আজিৰ দিনটো মধ্যমীয়া । আপোনাৰ শৰীৰ-মন আজি উত্তম অৱস্থাত নাথাকিব । আপোনাৰ আগত কিছুমান প্ৰত্যাহ্বান দেখা দিব পাৰে । নিজৰ স্বাস্থ্য আৰু অৰ্থব্যয়ৰ প্ৰতি সতৰ্ক হওক । ঈশ্বৰৰ প্ৰতি সামান্য আস্থাই আপোনাৰ আজিৰ দিনটোক অসাধাৰণ কৰি তুলিব ।

ABOUT THE AUTHOR

...view details