অসম

assam

ETV Bharat / state

কন্যা ৰাশিৰ ওপৰত লক্ষ্মী দেৱীৰ কৃপা থাকিব, মেষ আৰু সিংহ ৰাশিৰ লোকে আইনী কাম নকৰাই ভাল, চাওক দৈনিক ৰাশিফল - DAILY HOROSCOPE

আপোনাৰ আজিৰ দিনটো কেনে যাব ? জানিবলৈ চাওক ৰাশিফল-

DAILY HOROSCOPE
দৈনিক ৰাশিফল (ETV Bharat)

By ETV Bharat Assamese Team

Published : 5 hours ago

মেষ-আজি আপুনি অধিক অনুভূতিশীল হৈ পৰিব ৷ বহু ধৰণৰ চিন্তা মনলৈ আহিব, বিশেষকে মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত থাকিব ৷ ধ্যান আৰু যোগ কৰি মনক শান্ত কৰক ৷ ঘৰ আৰু সম্পত্তি বিষয়ৰ আইনী কাগজ আজি নবনোৱাই ভাল ৷ অচিনাকি মহিলা আৰু পানীৰ পৰা আঁতৰত থাকক ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাবলৈ আগতকৈ বেছি কষ্ট কৰিব লাগিব ৷ দিনটো মিশ্ৰিত ফলদায়ক ৷

বৃষ-খং আৰু উদ্বেগে আপোনাক আগুৰি থাকিব ৷ চিন্তাৰ পৰা আঁতৰি থাকি স্ফূৰ্তিত থাকিবলৈ যত্ন কৰক ৷ বন্ধু আৰু পৰিয়ালৰ লগত আবেলি একলগ হ’ব পাৰে ৷ গঠনমূলক কাম কৰি থাকক ৷ কাপোৰৰ বেগ সাজু ৰাখক, কোনদিনা ফুৰিবলৈ ওলাই যাব লাগে ঠিক নাই ৷ ধনাগমন আৰু আগতে হেৰুওৱা ধন গোটোৱাৰ সঠিক সময় ৷

মিথুন-বাহিৰলৈ যাওক আৰু বন্ধু আৰু পৰিয়ালৰ লোকক লগ কৰক ৷ আৰ্থিক সংকটত পৰিব কিন্তু যেনে তেনে আপুনি চম্ভালি ল’ব ৷ আজি আপুনি আগতে থাকি যোৱা কিছুমান কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব ৷ সুন্দৰ পৰিৱেশ আৰু পূৰ্ণ সহযোগ কৰা সহকৰ্মীয়ে আপোনাৰ দিন শুভ কৰি তুলিব ৷

কৰ্কট-আজি আপোনাৰ বাবে প্ৰেমৰ দিন বুলি ক’ব পাৰি ৷ আজি দিনটোত আপোনাৰ বাবে বহুটো আশ্চৰ্য ৰৈ আছে, সেইয়া আপোনাৰ বন্ধু, অভিভাৱক আৰু প্ৰিয়জনৰ ফালৰ পৰা হ’ব পাৰে ৷ সকলোৰে লগত বনভোজ খাবলৈ যাব পাৰে আৰু আপুনি ভাল পোৱা খাদ্যৰ জুতি ল’ব পাৰে ৷ বিবাহিতসকলৰ বাবে ভাল দিন আৰু আপোনাক বুজি পোৱা লগৰী পোৱাৰ বাবে নিজকে ধন্য মানিব ৷ চমুকৈ ক’বলৈ গ’লে এটা বৈভৱপূৰ্ণ দিন ৷

সিংহ-শান্ত হৈ থাকক, কাৰণ দিনটো বহুত ঘটনাৰে ভৰা হ’ব ৷ কোনো সিদ্ধান্ত গ্ৰহণৰ আগতে দুবাৰ ভাবক ৷ আইনী কাম আজি পৰাপক্ষত নকৰাই মংগল ৷ সুন্দৰ কথা আৰু ভাল ব্যৱহাৰে আপোনাৰ কামত উন্নতি কৰিব ৷ বিদেশৰ পৰা অহা ভাল খবৰে সময় ভাললৈ আনিব ৷

কন্যা-আপোনাৰ অপেক্ষাৰ অন্ত পৰিল, ব্যক্তিগত আৰু কাৰ্যক্ষেত্ৰত লাভৰ দিন আহিছে ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব ৷ ভ্ৰমণৰ যোগ আছে, এই ভ্ৰমণে মনত আনন্দ দিয়াৰ উপৰিও প্ৰিয়জনৰ ওচৰ চাপি আহিব ৷ বিবাহ প্ৰাৰ্থী বিচাৰি থকাসকলে এইকেইদিনতে মনে বিচৰাজনক লগ পাব ৷ আগবাঢ়ক আৰু এনে এটা দিনৰ লাভ গ্ৰহণ কৰক ৷

তুলা-এই সময় উৎসৱৰ সময়, ঘৰৰ সুন্দৰ আৰু আশাজনক পৰিবেশত আপোনাৰ কামে গতি লাভ কৰিব ৷ আপোনাৰ ওপৰৱালাক আপোনাৰ কামেৰে প্ৰভাৱিত কৰিব পাৰিব ৷ পদোন্নতিৰ সময় আহিল ৷ যদি আপোনাৰ বৈবাহিক জীৱন একঘেয়ামি হৈছে তেন্তে আজি তাত নতুনত্ব লাভ কৰিব ৷ যদি কোনো বিপদত পৰে তেন্তে আপোনাৰ মাতৃয়ে সেই বিপদৰ পৰা ৰক্ষা পৰাত আপোনাক সহায় কৰিব ৷ মাটি-সম্পত্তিৰ কামৰ বাবে উত্তম দিন ৷

বৃশ্চিক-আজি আপোনাৰ বাবে সুখ আৰু দুখৰ এটা মিশ্ৰিত দিন ৷ কামৰ ক্ষেত্ৰখন আপোনাৰ বাবে আজি অলপ প্ৰতিকূল ৷ বচৰ গুৰুত্বহীনতাৰ সন্মুখীন হ’ব পাৰে ৷ শান্তভাৱে পৰিস্থিতিৰ সন্মুখীন হওক ৷ পত্নী বা সন্তানৰ লগত তৰ্ক নকৰিব যি আপোনাৰ মানসিক শান্তিত ব্যাঘাত কৰিব ৷ আপোনাৰ চঞ্চল মনক শান্ত কৰিবলৈ লিখা কাম বা সাহিত্য চৰ্চা কৰক ৷ ভ্ৰমণত বেছি খৰছৰ সন্মুখীন হ’ব ৷ আপোনাৰ জমা টকাৰ ওপৰত চকু ৰাখক ৷

ধনু-আজি বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা আঁতৰি থাকক, নহ’লে বেমাৰত পৰিব ৷ চিকিৎসকক লগ কৰাৰ কথা আছিল যদি এলাহ নকৰিব ৷ আপোনাক দিয়া কম সময়ত শেষ নহ’ব বুলি আপুনি মানসিক চাপত থাকিব লগা হ’ব ৷ নতুন কাম এতিয়াই হাতত নল’ব ৷ মিঠা কথা সকলো ক্ষেত্ৰতে লাভজনক হয়, গতিকে তিতা কথা বাদ দি তাৰ সহায় লওক ৷ আপোনাৰ খৰচৰ পৰিমাণ এইকেইদিনত অসম্ভৱ ধৰণে বৃদ্ধি হ’ব ৷

মকৰ-সৌভাগ্যৰ বৰষুণ হ’ব ৷ আপোনাৰ ব্যবসায়ত প্ৰচুৰ উন্নতি হ’ব আৰু তাৰ লগে লগে আপোনাৰ ধনৰ ভঁৰাল বৃদ্ধি হ’ব ৷ অকলশৰীয়াসকলে তেওঁলোকৰ জীৱন সংগীক লগ পাব ৷ প্ৰিয়জনক লগ কৰিব পাৰিব ৷ সাংস্কৃতিক অনুষ্ঠানত ভাগ ল’বলৈ পাই আপোনাৰ মুখত হাঁহি বিৰিঙিব ৷ বজাৰ আৰু প্ৰিয় খাদ্যইও আপোনাক আনন্দিত কৰিব ৷

কুম্ভ-আপুনি আজি সুখী ব্যক্তি ৷ আপোনাৰ চলি থকা কাম সময়ত শেষ হোৱাত আপোনাৰ পৰিচয় আৰু উৎসাহজনক হ’ব ৷ অৱশ্যে আপোনাৰ সহযোগিক তাৰবাবে ধন্যবাদ দিবলৈ নাপাহৰিব ৷ ঘৰত শান্তি বিৰাজ কৰিব ৷ মাতৃৰ ঘৰৰ পৰা অহা ভাল খবৰে আপোনাৰ আনন্দ দুগুণ বঢ়াব ৷ এনে সুন্দৰ আৰু আনন্দদায়ক দিন উপভোগ কৰক ৷

মীন-ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযুক্ত দিন ৷ গ্ৰহৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত উজ্জ্বল হৈ পৰিছে আৰু তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা লোৱাৰ সময় হৈছে ৷ আজি যদি আপোনাক কোনো মহিলা বন্ধুৱে ফুৰিবলৈ যাবলৈ লগ লয়, সাৱধান হওক, তেওঁ আপোনাৰ মানি বেগ খালি কৰিব ৷ আপুনি মানসিকভাৱে ভাগি পৰিব পাৰে, বিবাহিতসকলে ইজনে সিজনক সমৰ্থন কৰক ৷

ABOUT THE AUTHOR

...view details