মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব । বন্ধুত্ব আৰু প্ৰেমৰ সম্পর্কত ভাল । দিনটো আপোনাৰ প্ৰায় ভালদৰেই যাব । অৱশ্যে খৰচ কিছু বৃদ্ধি হ'ব পাৰে । আজি আপুনি অতি সাধাৰণভাৱে চলিবলৈ চেষ্টা কৰক । কাৰোবাৰ সৈতে কিবা ভাগ-বাটোৱাৰা কৰিবলৈ ইচ্ছা যাব । প্ৰেমত শুভ ।
বৃষ ৰাশি : আজি আপুনি নতুন দায়িত্বত সক্রিয় হ'ব । আনন্দৰ মাজেৰে যাব দিনটো । তাৰ মাজতে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব । গ্ৰহ-নক্ষত্ৰ আৰু ঈশ্বৰৰ আপোনাৰ ওপৰত দয়া থাকিব । ভাগ্য উদয় হ'ব । কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত লক্ষ্যত উপনীত হ'ব পাৰিব ।
মিথুন ৰাশি : আপুনি নিজৰ মতেই চলক । আপুনি যিহেতু বৰ বেছি সংবেদনশীল, সেয়েহে আনে হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব পাৰে ৷ মনলৈ অহা নতুন চিন্তা আপুনি কৌশলেৰে হাতত ল'ব পাৰে ৷ মাতৃ বা পত্নীৰ লগত সম্পৰ্ক মিশ্ৰিত হ'ব । ভ্ৰমণ বাতিল কৰক আৰু অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ লগতে এইকেইদিন কোনো নিৰ্দিষ্ট বিষয়ত মানসিকভাৱে অসুবিধা পাই থাকিব পাৰে ৷
কৰ্কট ৰাশি : আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব । যুৱক-যুৱতীসকলৰ বাবে দিনটো ভাল, আনন্দদায়ক হ'ব । পৰিয়ালৰ লগত সম্পৰ্কও ভালে থাকিব । দিনটো প্ৰায় ভালে যাব । বজাৰ কৰি ভালপোৱা জাতক-জাতিকাৰ বাবে প্রিয় দিন হ'ব । আপুনি সন্তানৰ মন ভালে ৰখাত মনোযোগ দিয়ক ।
সিংহ ৰাশি : আপোনাৰ বাবে দিনটো কঠিন হ'ব পাৰে । খং-ৰাগৰ বাবে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে । পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক । শান্ত হৈ থাকিবলৈ চেষ্টা কৰক ।
কন্যা ৰাশি : দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব ৷ আপুনি ভবা আৰু কৰা সকলো কামৰে উচিত ফল লাভ কৰিব ৷ যিয়ে আপোনাক সুখী বা আপুনি আনক সুখী কৰিব পাৰিব ৷ ধন লাভৰ যোগ আছে । কষ্টৰ বাবে আপুনি প্ৰশংসা পাব । ব্যৱসায় বৃদ্ধি হ'ব আৰু শৰীৰো প্ৰায় ভালে থাকিব ৷ দূৰৈৰ পৰা ভাল খবৰ পাব আৰু সেয়া ধন সম্পৰ্কীয় হ'ব ৷ ভ্ৰমণ লাভদায়ক হ'ব আৰু বিবাহৰ যোগ আছে ৷