অসম

assam

ETV Bharat / state

পূজাৰ বতৰত বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত গ্ৰাহকৰ ভিৰ

Recession in puja Market: শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ব্যাপক ভিৰ কাপোৰৰ দোকানত । অনলাইন শ্বপিঙে প্ৰভাৱ পেলালেও গ্ৰাহকৰ ভিৰ ফাঁচী বজাৰত ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Customers throng Fancy Bazar on the occasion of Durga Puja
বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচি বজাৰত গ্ৰাহকৰ ভিৰ (ETV Bharat Assam)

গুৱাহাটী, ৯ অক্টোবৰ: পুৰোহিতৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলি, শংখধ্বনিৰ মাজেৰে বেদীত অধিষ্ঠিত কৰা হ'ল দুর্গতিনাশিনী দেৱী দুর্গাক । ষষ্ঠীৰ বেলবৰণৰ লগে লগে আৰম্ভ হ'ব ৰাজ্যত শাৰদীয় দুৰ্গাপূজাৰ । গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈছে ৪৬০ খনৰো অধিক দুর্গাপূজা । একাংশ পূজা সমিতিয়ে অকল সনাতনী ধর্মীয় পৰম্পৰাকে মণ্ডপত প্রাধান্য দিছে যদিও আন একাংশই পূজাৰ লগতে বিভিন্ন সজাগতামূলক আৰ্হিৰে পূজাস্থলীসমূহত ব্যৱহাৰ কৰি ৰাইজৰ বিনোদনৰ ব্যৱস্থা কৰিছে ।

শাৰদীয় দুর্গোৎসৱটো নতুন কাপোৰ অবিহনে যেন পাৰ কৰিব নোৱাৰে কোনোৱে । যাৰ বাবে আর্থিক মন্দাবস্থাক একাষৰীয়া কৰি থৈ হ'লেও সীমিত উপার্জনৰ মাজেৰে ৰাইজে নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । অনলাইন শ্বপিঙে প্ৰভাৱ পেলোৱাৰ পিচতো বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত ভিৰ পৰিলক্ষিত হৈছে । ফাঁচী বজাৰৰ খুচুৰা বিক্রেতাসকলে প্রতিবছৰে দুর্গা পূজালৈ ১৫-২০ দিন বাকী থকাৰ সময়ৰে পৰা ৰং-বিৰঙী বিভিন্ন সাজপাৰ গ্ৰাহকৰ বাবে উলিয়ায় ।

ফাঁচী বজাৰত গ্ৰাহকৰ ভিৰ (ETV Bharat)

অর্থাৎ দুর্গা পূজালৈ দুই-তিনি সপ্তাহ বাকী থকাৰে পৰা পূজাৰ বজাৰ আৰম্ভ হয় । বৰষুণ শাম কটাৰ পাচতে ফাঁচি বজাৰত ভিৰ হৈছে । 'কেছ অন ডেলিভাৰী'ৰ অনলাইন ব্যৱস্থা, সকলো স্থানতে হোৱা শ্বপিং মল, মূল্যবৃদ্ধিৰ প্রকোপ আদিৰ বাবেই গ্রাহকৰ উপস্থিতি যথেষ্ট হ্রাস পোৱা বুলি ফাঁচী বজাৰৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ লগতে ব্যৱসায়িক সংগঠনসমূহে জানিবলৈ দিয়ে ।

লাখটকীয়া মার্চেন্ট এচ'ছিয়েচনৰ সাধাৰণ সম্পাদক নেকিব ইমান শইকীয়াই কয়, "এইবাৰ পূজাৰ বজাৰত কাপোৰৰ লগতে অন্যান্য সামগ্ৰীৰ মূল্য ১০-৪০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে । বিগত বৰ্ষৰ তুলনাত ২০-৩০% বিক্ৰী হ্ৰাস পাইছে । এই দুদিনত পূজাৰ ভিৰ হৈছে যদিও অনলাইন শ্বপিঙৰ প্ৰভাৱ পৰাৰ উপৰিও ন'পাৰ্কিং, পাৰ্কিং ব্যৱস্থা নথকাৰ বাবেও গ্ৰাহকৰ ভিৰ কমিছে ।"

ফাঁচি বজাৰৰ ব্যৱসায়ী বিনোদ গোয়েংকাই কয়, "বিগত দুদিনৰ পৰা বজাৰ ভাল হৈছে । কিন্তু অনলাইন বজাৰৰ প্ৰভাৱ বজাৰত পৰিছে ।" ইফালে ফাঁচী বজাৰলৈ অহা গ্ৰাহকসকলে কয়, "অনলাইন বজাৰ কৰা হয় যদিও উৎসৱৰ সময়ত ফাঁচী বজাৰত বজাৰ কৰা মদকতাই সুকীয়া । ফাঁচী বজাৰলৈ আহি বজাৰ কৰিলেহে ভাল লাগে ।"

লগতে পঢ়ক:অনলাইন বজাৰে কোঙা কৰিছে নেকি ক্ষুদ্ৰ ব্যৱসায়ীক ? - Impact of online shopping

Durga Puja 2023: পূজাৰ বজাৰ: ফাঁচী বজাৰৰ ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙিছে

ABOUT THE AUTHOR

...view details