তিনিচুকীয়া, 15 জুলাই :আপুনি বাৰু হোটেলৰ কোঠা আগতীয়াকৈ বুকিং কৰিছে নেকি ? যদি কৰিছে তেন্তে নিশ্চয় আপুনি সময়ত সেই হোটেলৰ কোঠা লাভ কৰাৰ লগতে হোটেল কৰ্তৃপক্ষই আগবঢ়াইছে সেৱা ৷ কিন্তু তিনিচুকীয়াৰ এখন হোটেলত আগধন দি হোটেল বুকিং কৰিলেও আপুনি লাভ নকৰিব কোঠা, তাৰ বিপৰীতে সময়ত পাব পাৰে স্বত্বাধিকাৰীৰ পৰা ধমকি ৷ তিনিচুকীয়া চহৰৰ চিৰাপট্টিস্থিত হোটেল লা ভিচটা (চাফাইয়াৰ) ৰ বিৰুদ্ধে উঠিছে গ্ৰাহকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ ৷
অভিযোগ অনুসৰি, 14 জনীয়া বয়োজ্যেষ্ঠ লোকৰ এটা দলে 20 দিন পূৰ্বে আগধন দি হোটেলখনত কোঠা বুকিং কৰাৰ পাচতো সময়ত হোটেলখনত নাপালে কোঠা ৷ ইয়াৰ বিপৰীতে হোটেলত আহি পোৱাৰ পাচত দলটোক হোটেলখনৰ স্বত্বাধিকাৰী আৰু পৰিচালকে বেয়া ব্যৱহাৰ কৰাৰ লগতে ধমকি দিয়াৰ গুৰুতৰ অভিযোগ কৰে ভুক্তভোগী দলটোৱে ৷ পৰৱৰ্তী সময়ত দলটোৱে অন্য হোটেলত কোঠা লৈ তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুয়োপক্ষৰ মাজত বুজাবুজি কৰি যাবলৈ দিয়ে ৷