অসম

assam

ETV Bharat / state

মন পছন্দৰ মাছ বিচাৰি কলিয়াবৰৰ চুলুং পাইকাৰী বজাৰত মাজনিশাৰে পৰাই ভিৰ - BHOGALI FISH MARKET

উৰুকাত কোনে কিমান ডাঙৰ মাছ ক্ৰয় কৰিব পাৰে তাৰেই চলে অঘোষিত প্ৰতিযোগিতা ।

Crowd at Sollong wholesale fish market
কলিয়াবৰৰ চুলুং পাইকাৰী বজাৰত মাজনিশাৰে পৰাই ভিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 7:49 AM IST

Updated : Jan 13, 2025, 9:14 AM IST

কলিয়াবৰ : আজি উৰুকা । ভোগৰ বিহু ভোগালীৰ উৰুকাত এসাঁজ তৃপ্তিৰে খাবৰ বাবে সকলোৱে বিচাৰে মন পছন্দৰ মাছটো ক্ৰয় কৰিবলৈ । সেয়েহে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত দেওবাৰে নিশাৰে পৰাই পাইকাৰী বজাৰত ব্য়ৱসায়ীৰ লগতে ক্ৰেতাসকলে ভিৰ কৰিছে । কোনে কিমান ডাঙৰ মাছ কিনিব পাৰে যেন তাৰেই অঘোষিত প্ৰতিযোগিতা । বজাৰত এফালৰ পৰা সকলোৱে মাছ কিনিছে । নিজে কিনা মাছটো আনতকৈ ডাঙৰ হয় নে নহয় সেয়াও মনতে জুখি চাবলৈ পাহৰা নাই ।

লোকে লোকাৰণ‍্য হৈ পৰিল কলিয়াবৰৰ চুলুং পাইকাৰী মাছৰ বজাৰ । কলিয়াবৰৰ চুলুং পাইকাৰী মাছৰ বজাৰত উদুলি-মুদুলি পৰিবেশ । ভোগালীৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পৰম্পৰা চলি আহিছে । মাছ নহ'লে নহয় উৰুকাৰ তৃপ্তিৰ এসাঁজ । সেয়ে ভোগালীত চাহিদা বৃদ্ধি পাইছে মাছৰ । প্ৰতি বছৰৰ দৰে এইবাৰো কলিয়াবৰৰ চুলুঙত উৰুকাৰ আগনিশা বহিছে মাছৰ বিশেষ বজাৰ ।

কলিয়াবৰৰ চুলুং পাইকাৰী বজাৰত মাজনিশাৰে পৰাই ভিৰ (ETV Bharat Assam)

লাখ লাখ টকাৰ ব্যৱসায় হোৱা এই বজাৰলৈ মধ্য অসমৰ বিভিন্ন স্থানৰ পৰা মাছ আহে । আনহাতে, ৰাজ্যৰ বিভিন্ন বজাৰত বিক্ৰীৰ বাবে মাছ যায় এই বজাৰৰ পৰাই । এই সম্পৰ্কে ব্য়ৱসায়ী সন্থাৰ সভাপতিগৰাকীয়ে কয়," বিগত বছৰৰ দৰে এইবাৰো মাছৰে উভৈনদী কলিয়াবৰৰ বজাৰ । ৰৌ, বাহু, বৰালি, আঁৰি, চিতল, বিগহেড,কমন কাৰ্প, গ্ৰাছ কাৰ্প আদি ডাঙৰ-ডাঙৰ মাছৰ উজান উঠিছে এই বজাৰখনত । ক্রেতা-বিক্রেতাৰ উপস্থিতিত উখল-মাখল পৰিবেশৰ সৃষ্টি হয় চুলুং পাইকাৰী বজাৰখনত । ২৫ কেজিৰ বিগহেড, ১২ কেজিৰ বৰালি, ৮ কেজিৰ চিতল আদি ডাঙৰ ডাঙৰ মাছ বজাৰখনত বিক্ৰীৰ বাবে অনা হৈছে ।"

কলিয়াবৰৰ চুলুং পাইকাৰী বজাৰত মাজনিশাৰে পৰাই ভিৰ (ETV Bharat Assam)

বজাৰখনত ডাঙৰ বিগহেড ৩৫০ টকা, বাহু ১২০০ টকা, চিতল ৯০০ টকা আৰু বৰালি ১২০০ টকা পৰ্যন্ত দাম উঠিছে । অৱশ্য়ে বৰ্তমান বিক্ৰীৰ সন্তোষজনক নহয় বুলি বিক্রেতাসকলৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক:৭০-৮০ টন থলুৱা মাছেৰে উজান বজাৰত উৰুকাৰ বজাৰ - UZAN BAZAAR FISH MARKET

ৰহালৈ আহক, এবাৰ আপুনিও চাই যাওকহি ভগৱানৰ ব্যতিক্ৰমী ভেলাঘৰ - EXCEPTIONAL BHELAGHAR IN NAGAON

Last Updated : Jan 13, 2025, 9:14 AM IST

ABOUT THE AUTHOR

...view details