অসম

assam

ETV Bharat / state

বিহালীত কংগ্ৰেছৰ বাহত বিজেপিয়ে কণী পাৰিছে: চি পি আই (এম এল)

বিজেপিৰ বিৰুদ্ধে সৰৱ চি পি আই (এম এল) । ৰাইজৰ মতামতক কোনো গুৰুত্ব দিয়া নাই বুলি মন্তব্য চি পি আই (এম এল) নেতাৰ ।

CPIM slams BJP for campaigning for Bye poll in Behali
বিজেপিৰ বিৰুদ্ধে সৰৱ চি পি আই এম এল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 10:40 PM IST

বিশ্বনাথ চাৰিআলি:অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫ টা সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে শাসক বিৰোধীয়ে । আন আন সমষ্টিৰ সমান্তৰালভাৱে ৭৭ নং বিহালী বিধান সভা সমষ্টিতো তীব্ৰ প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে ৰাজনীতি দলসমূহক ।

ইফালে বিহালী সমষ্টিৰ সমস্যাৰ বিপৰীতে শাসকীয়া দলৰ কেন্দ্ৰীয় মন্ত্ৰী, অসম চৰকাৰৰ মন্ত্ৰী , ১৭ জনকৈ বিধায়কক লগতে কেইবাজনো সাংসদে বাহৰ পাতি ভোটাৰ ৰাইজৰ সন্মুখত উন্নয়নৰ ঢাক-ঢোল বজাই ব্যাপক প্ৰচাৰ চলোৱাৰ বিপৰীতে বিহালীৰ জলন্ত সমস্যা সন্দৰ্ভত ৰাইজৰ মতামতক কোনো গুৰুত্ব দিয়া দেখা নাই ।

বিহালীত কংগ্ৰেছৰ বাহত বিজেপিয়ে কণী পাৰিছে: চি পি আই (এম এল) (ETV Bharat)

ইয়াৰ মাজতে শুকুৰবাৰে বিহালী সমষ্টিৰ কুঁহিয়াৰবাৰীস্থিত চি পি আই (এম-এল)ৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত চি পি আই (এম এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসে উত্থাপন কৰে এই অভিযোগ । লগতে দাসে কয়, "বিহালী সমষ্টিত মূল্যবোধৰ ৰাজনীতি কৰি অহা চি পি আই (এমএল) দলে সমষ্টিটোৰ উন্নয়নৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে ৰাইজে ভোগ কৰি জ্বলন্ত সমস্যাসমূহ আমি দাঙি ধৰি আহিছোঁ ।"

সংবাদমেলত দাসে আৰু কয়,"২০১৪ চনৰ পৰা ২০২৪ লৈ বিহালীত ১৫ খন প্ৰাথমিক আৰু ৩ খন মাধ্যমিক বিদ্যালয় বন্ধ হৈ আছে । বৰগাং আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত শিক্ষক । বিহালীৰ চাহ শ্ৰমিকসকলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মাণ কৰা আদৰ্শ বিদ্যালয়ত শিক্ষক নাই । বিজেপি চৰকাৰে আদৰ্শ গাঁও হিচাপে অন্তৰ্ভুক্ত কৰা পুলিচুমনি গাঁৱত চৰকাৰে এখন গেট নিৰ্মাণ কৰিয়েই উন্নয়নৰ সামৰণি মাৰিলে ।"

তেওঁ লগতে কয়,"অৰুণাচলী আগ্ৰাসনৰ পৰা বিহালীৰ উত্তৰ সীমাৰ বিস্তীৰ্ণ এলেকা মুক্ত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা চি পি আই (এম এল) দলে দীৰ্ঘদিন ধৰি চলাই অহা আন্দোলনত ১৫ জনকৈ লোক শ্বহীদ হৈছিল । এই আন্দোলনত অসমৰ ১০ হাজাৰ বিঘা ভূমি উদ্ধাৰ হৈছিল যদিও বিজেপি চৰকাৰে সেই ভূমি বড়োলেণ্ডক এৰি দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই সমস্যাৰ ওপৰত মাত মাতিবলৈ কাৰো সময় নাই । তাৰ উপৰিও সমষ্টিটোৰ কাষতে লাগি থকা কাজিৰঙা দশম সংযোজনৰ সমস্যা, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা, চাৰিশৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথত ডাইভাৰচনৰ সমস্যাকে ধৰি বিহালীৰ বিভিন্ন সমস্যাৰ কথা নিৰ্বাচনী সভাত কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থীৰ মুখত ভোটাৰ ৰাইজে শুনিবলৈ পোৱা নাই ।"

আনহাতে বৃস্পতিবাৰে বিহালী সমষ্টিৰ এক নিৰ্বাচনী সভাত যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে বিৰোধী ঐক্য মঞ্চৰে মিত্ৰতাৰ সম্ভাৱনীয়তাৰ বিষয়ে কৰা মন্তব্য সন্দৰ্ভত চি পি আই(এম এল)ৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে কয়,"বিহালীত চি পি আই (এম এল) দলক কংগ্ৰেছ দলৰ বাহিৰে বিৰোধী ঐক্য মঞ্চৰ সকলো দলেই প্ৰাৰ্থিত্ব দিয়াৰ পক্ষত আছিল । কিন্তু কংগ্ৰেছ দলে বিৰোধী ঐক্যক আন্ধাৰত ৰাখি মাজনিশা দলতেই যোগদান নকৰা জয়ন্ত বৰাক কেনেকৈ দলীয় টিকট প্ৰদান কৰিলে সেই কথা সকলোৱেই জানে ।" ইফালে সদ্য বিজেপি ত্যাগী কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা বিজেপিৰেই এজেণ্ট বুলি আখ্যা দি ৰাজ্যিক সম্পাদকগৰাকীয়ে কয়- "আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছৰ বাহত বিজেপিয়ে কণী পাৰিছে ।"

লগতে পঢ়ক:এসময়ৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰ বিৰুদ্ধে চামগুৰিত প্ৰচাৰ চলাবনে হিমন্ত বিশ্ব শৰ্মাই ?

ABOUT THE AUTHOR

...view details