অসম

assam

ETV Bharat / state

চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ঠিকা নিৰ্বাচনী বণ্ডৰ বিনিময়ত লাভ কৰিছে: সুপ্ৰকাশ তালুকদাৰ - Electoral Bonds

Electoral Bonds: তিনিটা কোম্পানীয়ে BJP ক নিৰ্বাচনী বণ্ডৰ জৰিয়তে বহুত কোটি টকা দিয়াৰ অভিযোগ CPIM ৰ । নিৰ্বাচনী বণ্ডৰ বিনিময়ত এছ পি ছিংলাই ব্ৰহ্মপুত্ৰ নদীত বৃহৎ দলং নিৰ্মাণৰ ঠিকা পোৱাৰ অভিযোগ চি পি‌ আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ ।

CPIM press conference alleging getting contracts in exchange for electoral bonds
নিৰ্বাচনী বণ্ডৰ প্ৰসংগত CPIM

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:13 PM IST

নিৰ্বাচনী বণ্ডৰ প্ৰসংগত CPIM

গুৱাহাটী,১৯ মাৰ্চ:নিৰ্বাচনী বণ্ডৰ জৰিয়তে বহুত কোটি টকা অসমৰ বি জে পি দলক তিনিটা কোম্পানীয়ে দিয়া বুলি অভিযোগ কৰিছে চি পি‌ আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে । গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত এখন‌ সংবাদমেলত নিৰ্বাচন বণ্ডৰ তালিকা সদৰী কৰি তেওঁ কয়, গুৱাহাটীত তিনিটা কোম্পানীয়ে নিৰ্বাচনী বণ্ড ক্ৰয় কৰি বি জে পিক বৃহৎ পৰিমাণৰ ধন দিছে ।

এই কোম্পানীকেইটা‌ হ'ল এছ পি ছিংলা, ষ্টাৰ ইনভেষ্টমেন্ট আৰু গুৱাহাটী কাৰ্বন । ইয়াৰ বিনিময়ত এছ পি ছিংলাই ব্ৰহ্মপুত্ৰ নদীত বৃহৎ দলং নিৰ্মাণৰ ঠিকা পাইছে । চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ঠিকা পাইছে । ব্লেকলিষ্টেড এই কোম্পানীবোৰক আকৌ অসমৰ‌ মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে । তেওঁ কয় যে ঔষধ কোম্পানীবোৰে নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল ।

‌ইয়াৰ ভিতৰত ড৹ ৰেড্ডীছ লেবছে ৮৪ কোটি টকা, ট'ৰেণ্ট ফাৰ্মাচিউটিকেলছে ৭৮ কোটি টকা, নাটকৌ ফাৰ্মাই ৫৭ কোটি, ডেভিছ লেবৰটৰিছে ৫৫ কোটি, অৰবিন্দ ফাৰ্মাই ৫২ কোটি, চিপলা লিমিটেডে ৩৪ কোটি, পিৰামল এণ্টাৰপ্ৰাইজে ৩৫ কোটি, চানফাৰ্মা লেবৰটৰিছে ৩২ কোটি, হেটেৰেও ড্ৰাগছে ৩০ কোটি, জিডাছ হেলথ কেয়াৰে ২৯ কোটি, এম এছ এম ফাৰ্মচেমে ২৬ কোটি, হেটেৰেও লেবছে ২৫ কোটি, মেনকাইন্দ ফাৰ্মাই ২৪ কোটি, ইণ্টাৰ্ছ ফাৰ্মাচিউটিকেলে ২০ কোটি টকাৰ নিৰ্বাচনী বণ্ড কিনিছিল ।

তেওঁ কয় যে ৰাজনৈতিক দলক ইমান বৃহৎ পৰিমাণৰ ধন দিয়াৰ পিচত তেওঁলোকে ঔষধ বা চিকিৎসাজনিত সা-সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে । একমাত্ৰ চি পি আই এম দলেই এই ইলেক্টৰেল বণ্ড ল'বলৈ অস্বীকাৰ কৰিছিল । বাকী যি ৰাজনৈতিক দলেই এই সুবিধা পাইছে সেয়া গ্ৰহণ কৰিছিল । এককথাত আয়কৰ বিভাগ, ইডিক চৰকাৰে চান্দা সংগ্ৰহৰ এজেণ্ট কৰি এই কাৰবাৰ চলাই গৈছিল । বিজেপি ইয়াৰ মাষ্টাৰ মাইণ্ড‌ আছিল বুলি তেওঁ সদৰী‌ কৰে ।

লগতে পঢ়ক:জেডিইউয়ে লাভ কৰিছিল ১০ কোটিৰ বেনামী নিৰ্বাচনী বণ্ড

ABOUT THE AUTHOR

...view details