তেজপুৰ, 4 জুন :আজি তথা 4 জুনত দেশজুৰি লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ কৰা হ’ব ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি পুৱা আঠ বজাৰ পৰা শোণিতপুৰ লোকসভাৰ ভোটগণনা আৰম্ভ হৈছে ৷ ইতিমধ্যে পুৱা 6 বজাৰ পৰা 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ ভোটগণনাৰ বাবে সাজু কৰা হৈছে 620 গৰাকী বিষয়া-কৰ্মচাৰীক ৷
শোণিতপুৰ লোকসভা সমষ্টিৰ দৰং মহাবিদ্যালয়ত ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ বিধানসভা সমষ্টিক ধৰি মুঠ পাঁচটা বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব ৷ আনহাতে বিশ্বনাথত দুটা বিহালী আৰু বিশ্বনাথৰ, গহপুৰত গহপুৰ, লখিমপুৰ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভোট গণনা আৰম্ভ কৰা হ’ব ৷
তেজপুৰত জিলা নিৰ্বাচনী বিষয়া দেৱকুমাৰ মিশ্ৰ, জেনেৰল অৱজাৰভাৰ এম আৰ ৰবিকুমাৰ, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে ৰাজনৈতিক দলৰ নিৰ্বাচনী এজেন্টৰ উপস্থিতিত ষ্ট্ৰং ৰুমৰ তলা খোলা হয় ৷ উল্লেখ্যে যে, শোণিতপুৰ লোকসভা সমষ্টিত ভোটৰ হাৰ আছিল 78.46% অৰ্থাৎ মুঠ 12 লাখ 81 হাজাৰ 959 জন ভোটাৰে ভোটদান কৰিছে ৷
ভোটগণনাৰ বাবে তেজপুৰত পাঁচটা বিধানসভা সমষ্টিৰ বাবে পাঁচটা কক্ষত 14 খনকৈ টেবুল, বিশ্বনাথত দুটা কক্ষত 12 খনকৈ টেবুল, গহপুৰ আৰু লখিমপুৰত 14 খনকৈ টেবুলত ভোটগণনা চলিব ৷ উল্লেখ্য যে, পোষ্টেল ভোটাৰ 6,400 আৰু ই টি পি বি এম এছৰ 3,100 ভোটৰ গণনা প্ৰথমতে আৰম্ভ হ’ব ৷ ইয়াৰ বাবে দুটা কক্ষত ক্ৰমে 13 খন টেবুল আৰু 20 খন টেবুলত গণনা আৰম্ভ কৰা হৈছে ৷ ভেটগণনা কেন্দ্ৰত তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ গঢ়ি তোলা হৈছে । সৰ্বমুঠ 19 টা ৰাউণ্ডত ভোটগণনা সমাপ্ত হ’ব বুলি জানিব পৰা গৈছে ৷
শোণিতপুৰ (পূৰ্বৰ তেজপুৰ) সমষ্টিৰ ইতিবৃত্ত -
11 নং শোণিতপুৰ লোকসভা সমষ্টি পূৰ্বতে 9 নং তেজপুৰ লোকসভা সমষ্টি আছিল । 1957 চনত মুঠ 9 টা বিধানসভা সমষ্টিৰে গঠিত হৈছিল সমষ্টিটো ৷