গুৱাহাটী : "বিগত বৰ্ষৰ গুণোৎসৱৰ ফলাফলৰ ভিত্তিতে অসম চৰকাৰে ইতিমধ্যে শিক্ষা বিভাগৰ দ্বাৰা ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ নিৰ্মাণৰ বাবে ৬ হাজাৰ কোটি টকাৰ এক বৃহৎ ধনৰাশি ধাৰ্য কৰি শিক্ষানুষ্ঠানসমূহৰ উন্নয়নৰ সাধি গৈছে ।" এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । শনিবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত এইদৰে কয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।
বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ মৃত্যু হোৱা ২৬ গৰাকী ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে । একেটা অনুষ্ঠানতে অসম লোক সেৱা আয়োগৰ দ্বাৰা বাছনিকৃত ১৩ গৰাকীকৈ প্ৰাৰ্থীক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰূপে নিযুক্তি পত্ৰ বিতৰণ কৰে ।
অনুষ্ঠানত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাৰ অভিযানৰ দ্বাৰা বিদ্যালয় শিক্ষা ক্ষেত্ৰত লোৱা পৰিৱৰ্তনমুখী প্ৰচেষ্টা আৰু বিভিন্ন আঁচনি আৰু কাৰ্যকলাপৰ উল্লেখেৰে প্ৰকাশ কৰা “Leaping Ahead: Transforming Education, Transforming Assam” শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে ।
ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে পৰলোকপ্ৰাপ্ত ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালবৰ্গক উদ্দেশ্যি কয়, "চৰকাৰ তেওঁলোকৰ ওচৰত সদায়েই আছে আৰু সদায়েই থাকিব । প্ৰতিমুহূৰ্তই তেওঁলোকৰ পৰিয়ালৰ খা-খবৰ ৰাখিব ।"
মন্ত্ৰীগৰাকীয়ে পৰলোকপ্ৰাপ্ত ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ শৈক্ষিক অৱদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে সমৰ্থন প্ৰকাশৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া দিহা-পৰামৰ্শ মৰ্মে শিক্ষা বিভাগে এককালীন সাহায্য আগবঢ়োৱাৰ কথা ব্যক্ত কৰে । আনহাতে অনুষ্ঠানত নৱনিযুক্ত প্ৰবক্তাসকলক অভিনন্দন জ্ঞাপন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে নতুন শিক্ষানীতি ২০২০ৰ সাৰ্থক ৰূপায়ণেৰে শিক্ষাৰ মান উন্নতকৰণৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।