শিলচৰ, ২২ আগষ্ট :"ইমান দিনে পথ মেৰামতি নকৰি এতিয়া কিয় মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে ? ইমান দিনে ক'ত আছিল কাছাৰ জিলা প্ৰশাসন ?" ঠিকাদাৰক এই প্ৰশ্ন কৰাৰ অপৰাধতে ৰাজপথত এগৰাকী নিৰীহ অটোচালকক মাৰপিটৰ অভিযোগ উঠিছে ৷
প্ৰশ্ন সোধাৰ বাবে অটোচালকক প্ৰহাৰ ঠিকাদাৰৰ (ETV Bharat Assam) উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা শোচনীয় হৈ আছে শিলচৰ চহৰৰ প্ৰতিটো পথ । শোচনীয় পথৰ বাবে দীৰ্ঘদিনৰ পৰা নৰক যন্ত্ৰণা ভোগ কৰি আহিছে শিলচৰ চহৰবাসীয়ে । শোচনীয় পথসমূহৰ মেৰামতিৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে চহৰখনৰ বাসিন্দাসকলে । তথাপিও তাত কোনো গুৰুত্ব দিয়া নাই প্ৰশাসনে ৷
কিন্তু মুখ্যমন্ত্ৰীৰ বৰাক ভ্ৰমণৰ খবৰ পাই এতিয়া হঠাতে চহৰখনৰ ৰাজপথত থকা গাঁত বিচাৰি অভিযান আৰম্ভ কৰিছে কাছাৰ জিলা প্ৰশাসনে । উল্লেখ্য যে বৃহস্পতিবাৰে আবেলি তিনিদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত হ'ব মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্রীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি বুধবাৰৰ পৰা দিনে-নিশাই ৰাজপথত গাঁত বিচাৰি কাছাৰ জিলা প্ৰশাসনে চলাইছে অভিযান ।
বুধবাৰে ওৰেনিশা শিলচৰ চহৰৰ ৰাজপথত থকা গাঁত এফালৰ পৰা পুতি গৈছে কাছাৰ জিলা প্ৰশাসনে ৷ নিশা প্ৰশাসনৰ এই পথ মেৰামতিৰ কাম চলি থকাৰ সময়ত শিলচৰ কেপিটেল পইণ্টত এগৰাকী নিৰীহ অটোচালকক মাৰপিট কৰে সায়ন ৰয় নামৰ এজন ঠিকাদৰে ৷
"ইমান দিনে প্ৰশাসন ক'ত আছিল । মুখ্যমন্ত্ৰী অহাৰ খবৰ পাই এতিয়া কিয় পথ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে ?" ঠিকাদাৰক এই প্ৰশ্ন কৰাৰ অপৰাধতে চালকজনক ৰাজপথত দলবদ্ধভাৱে আক্ৰমণ কৰে সায়ন ৰয়সহ তেওঁৰ গুণ্ডা বাহিনীয়ে ।
আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে নিশা শিলচৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অটোচালকজনক উদ্ধাৰ কৰি লৈ যায় । ইপিনে শিলচৰ চহৰৰ যিকেইটা পথেৰে মুখ্যমন্ত্ৰীৰ কনভয় যাব সেই পথসমূহ ওৰেনিশা মেৰামতি কৰে প্ৰশাসনে । কেইবাখনো এক্সকেভেটৰ লগাই ওৰেনিশা চলাই পথ মেৰামতিৰ কাম ।
উল্লেখ্য যে শিলচৰ চহৰৰ একাংশ লোকে এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে । তেওঁলোকে অভিযোগ কৰে যে এই মেৰামতিৰ কাম সাধাৰণ জনগণৰ বাবে নহয়, মুখ্যমন্ত্ৰীৰ বাবেহে । মুখ্যমন্ত্ৰীৰ তিনিদিনীয়া বৰাক ভ্ৰমণৰ বাবেহে এই পথ সংস্কাৰৰ কাম কৰা হৈছে ।