অসম

assam

ETV Bharat / state

2026 ৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ঐতিহাসিক ঘূনাসুঁতি সংযোগী দলঙৰ কাম !

Bridge over Subansiri river: পূৰ্ণগতিত আগবাঢ়িছে লখিমপুৰৰ ঐতিহাসিক ঘূনাসুঁতিক সংযোগ কৰিবলগীয়া সোৱণশিৰিৰ ওপৰত নিৰ্মীয়মাণ দলংখনৰ কাম ৷ সোৱণশিৰিৰ ওপৰত 383 কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'ব এই দলংখন ৷ 2022 চনৰ 16 ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ।

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 9:49 AM IST

construction of the Bridge connecting historic Ghunasuti is in full swing in Lakhimpur
2026 ৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ঐতিহাসিক ঘূনাসুঁতি সংযোগী দলঙৰ কাম!

2026 ৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ঐতিহাসিক ঘূনাসুঁতি সংযোগী দলঙৰ কাম!

লখিমপুৰ, 27 ফেব্ৰুৱাৰী: উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখনৰ পটভূমি আছিল লখিমপুৰৰ ঘূনাসুঁতি ৷ যিয়ে এই ঘূনাসুঁতিক প্ৰদান কৰিছিল সুকীয়া মৰ্যাদা । সুকীয়া মৰ্যাদা প্ৰদান কৰা হৈছিল যদিও আলৈ-আথানিৰ অন্ত পৰা নাছিল ঘূনাসুঁতিবাসীৰ ৷ দুৰ্গম যাতায়াত ব্যৱস্থাৰ বাবে ঘূনাসুঁতিৰ উন্নয়ন আগনাবাঢ়িল । সম্প্রতি ঘূনাসুঁতিক সংযোগ কৰি সোৱণশিৰিৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম-কাজ আৰম্ভ হৈছে ।

2022 চনৰ 16 ডিচেম্বৰত ঘূনাসুঁতিত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বহুচর্চিত এই দলঙৰ আধাৰশিলা স্থাপন কৰে । প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণ কাৰ্য কিছুদিনৰ আগৰে পৰা আৰম্ভ কৰা হৈছে । লখিমপুৰৰ ঐতিহাসিক ঘূনাসুঁতিক সংযোগ কৰি সোৱণশিৰিৰ ওপৰত 383 কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া দলংখনৰ কাম পূৰ্ণগতিত আগবাঢ়িছে । মুঠ 2.4 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনে জিলাখনৰ আৰ্থ-সামাজিক বিকাশত প্ৰভূত অৰিহণা যোগাব বুলি আশা কৰা হৈছে ।

সম্প্রতি ঘাগৰ ঘাটত লখিমপুৰ নগৰৰ দিশৰ পৰা আৰম্ভ হৈছে দলংখনৰ নিৰ্মাণ কাৰ্য । উল্লেখ্য যে, শিলান্যাস কৰাৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে 2026 ত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত এই দলঙেৰে ঘূনাসুঁতিলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিম বুলি ৰাইজৰ আগত বক্তব্য আগবঢ়াইছিল । বানকে ধৰি অন্যান্য প্ৰাকৃতিক দুৰ্যোগে বিধিপথালি নিদিলে মুখ্যমন্ত্রীগৰাকীয়ে আশা কৰা সময়তে দলংখনৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে ।

ইতিমধ্যে সেই সময় সীমাক লক্ষ্য কৰি দলংখনৰ নিৰ্মাণ কাৰ্য আগুৱাই নিয়া হৈছে । এই দলংখনৰ নিৰ্মাণ সম্পূর্ণ হৈ উঠিলে জিলাখনৰ আৰ্থ-সামাজিক বিকাশৰ ৰেহ-ৰূপ সলনি হৈ পৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে । বিশেষকৈ দুৰ্গম অঞ্চল ৰূপে পৰিচিত ঐতিহাসিক ঘূনাসুঁতিৰ বিকাশত ই ব্যাপক যোগাত্মক প্ৰভাৱ পেলাব ।

উল্লেখ কৰা প্ৰয়োজন যে, সোৱণশিৰিৰ ওপৰত এখন দলং নোহোৱাৰ বাবে ঘূনাসুঁতিবাসীয়ে দশকৰ পাছত দশক ধৰি অবৰ্ণনীয় যাতনা ভুগি আহিছে । বিশেষকৈ স্বাস্থ্য সেৱাৰ ক্ষেত্রত ঘূনাসুঁতিবাসী আটাইতকৈ বেছি সমস্যৰ সন্মুখীন হৈ আহিছে । ঠেলা, ঘোঁৰাগাড়ী নাইবা কোলাত দাঙি ৰোগীক চিকিৎসালয়লৈ লৈ যাব লাগে আত্মীয় অথবা স্থানীয় লোকে । একমাত্র যাতায়াত ব্যৱস্থা দুৰ্গম হোৱাৰ বাবে চিকিৎসা প্ৰদানৰ পূৰ্বেই ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈ আহিছে ।

ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট ধৰ্মকান্ত গগৈয়ে এই সন্দৰ্ভত কয়, "এই দলংখন কেৱল দলং নহয় । এক সমন্বয়ৰ সাঁকো । দলংখনে ঐতিহাসিক ঘূনাসুঁতিক অনন্য মৰ্যাদা প্ৰদান কৰিব ।"

লগতে পঢ়ক:Bridge over Subansiri river: আধাৰশিলা স্থাপনৰ পাচতো নিৰ্মাণ নহ’ল ঘূনাসূঁতিলৈ দলং

ABOUT THE AUTHOR

...view details