অসম

assam

ETV Bharat / state

প্ৰতিবাদৰ উপায় হিচাপে কৰা হিংসাৰ ফলত সমাজত বিশৃংখলতাৰ সৃষ্টি হয়: ভাস্কৰজ্যোতি মহন্ত - NATIONAL CONSTITUTION DAY

তেজপুৰ বিশ্ববিদ্যালয়ত সংবিধান দিৱস উদযাপন । অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত ।

Constitution Day celebrated at Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত সংবিধান দিৱস উদযাপন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 10:14 PM IST

Updated : Nov 26, 2024, 10:20 PM IST

তেজপুৰ:তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগ তথা ড৹ আম্বেদকাৰ আসনৰ দ্বাৰা মঙলবাৰে দেশৰ সংবিধান দিৱস উদযাপন কৰা হয় । এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই । দেশৰ সংবিধান গৃহীত হোৱাৰ স্মৃতিত প্ৰতি বছৰে ২৬ নৱেম্বৰত উদযাপন কৰি অহা হৈছে সংবিধান দিৱস । প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানজনে আজি তেওঁৰ বক্তৃতাত গণতন্ত্ৰ, বাক স্বাধীনতা আৰু স্বচ্ছতা সন্দৰ্ভত মত ব্যক্ত কৰে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মহন্তই ভাৰতীয় সংবিধানৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দেশত গণতান্ত্ৰিক আন্তঃগাঁথনি গঢ় দিয়াত সংবিধানৰ ভূমিকাৰ ক্ষেত্ৰত আলোকপাত কৰে । তেওঁ যুৱক-যুৱতীসকলক দেশৰ সংবিধানক গভীৰভাৱে বুজিবলৈ দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ কথা স্মৰণ কৰিবলৈও আহ্বান জনায় । তেওঁ লগতে কয় যে প্ৰতিবাদৰ উপায় হিচাপে কৰা হিংসাৰ ফলত সমাজত বিশৃংখলতাৰ সৃষ্টি হয় আৰু ই আন নাগৰিকৰ জীৱনৰ অধিকাৰক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনায় ।

তেওঁ তথ্যৰ অধিকাৰ আইনখনৰ বিভিন্ন দিশ আৰু স্বচ্ছতা বজাই ৰখাৰ বাবে ইয়াৰ ভূমিকা সম্পৰ্কেও বক্তব্যত উল্লেখ কৰে । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে অনুষ্ঠানত দিয়া ভাষণত উল্লেখ কৰে যে সংবিধানে আমাক কেৱল অধিকাৰ দিয়াই নহয়, আমাক দায়িত্বও প্ৰদান কৰিছে । উপাচাৰ্যগৰাকীয়ে কয় যে ইয়াত নিহিত মূল্যবোধক বজাই ৰখা, আইনক সন্মান জনোৱা, গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো আমাৰ কৰ্তব্য । প্ৰণিধানযোগ্য যে আজিৰ এই অনুষ্ঠানৰ আৰম্ভণিতে দেশৰ সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হয় ।

এই বিশেষ অনুষ্ঠান উপলক্ষে আইন বিভাগৰ এখন দেৱাল আলোচনীও উন্মোচন কৰা হয় । আইন বিভাগৰ মুৰব্বী ড৹ মধুমিতা আচাৰ্যী, আম্বেদকাৰ আসনৰ অধ্যক্ষ অধ্যাপক ড৹ অমিয়া কুমাৰ দাস, আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালক অধ্যাপক চন্দন কুমাৰ শৰ্মাৰ লগতে বিভাগীয় অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল অনুষ্ঠানত উপস্থিত থাকে ।

লগতে পঢ়ক:ভাৰতৰ সংবিধানৰ 75 বছৰ: প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ বিভিন্নজনৰ শুভেচ্ছা দেশবাসীক
Last Updated : Nov 26, 2024, 10:20 PM IST

ABOUT THE AUTHOR

...view details