ৰাহুল গান্ধীক দিল্লীত সাক্ষাতৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পতনৰ কাউণ্ট ডাউন আৰম্ভ হোৱা বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ক্ষমতাৰ বলত যি অতপালি দেখুৱাই আছে, মই আপোনালোকক কেইদিনমানৰ পিছত দিন গণনা কৰি দিম ৷ ৫০০ দিনকৈ কম দিন আছে ৷ আমি হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ কাউণ্ট ডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছো ।”
উপ-নিৰ্বাচনৰ কৌশলগত ভুল আকৌ নকৰে বুলি অংগীকাৰ কৰি ভূপেন বৰাই কয়, “কৌশলগত কিছু ভুলৰ বাবে আমি উপ-নিৰ্বাচনত আমি পৰাজিত হ’ব লগা হ’ল । ২০২৬ ত আমি কোনো ভুল নকৰো । শুদ্ধভাৱে ৰাজনৈতিক পৰিকল্পনা কৰা হ’ব ৷ শক্তিশালীভাৱে ৰাজনৈতিক সিদ্ধান্ত লোৱা হ’ব । অসমৰ ৰাইজৰ মৌলিক সমস্যাবোৰ-চাহ জনগোষ্ঠীৰ মজুৰিৰ সমস্যাৰ কথা, নিৱনুৱা সমস্যাৰ কথা আদি আমি কম ৷”
হিমন্ত বিশ্বৰ শৰ্মাৰ বিৰুদ্ধে গঠন হ’ব এছআইটি:
কেৱল সেয়ে নহয় ৰাহুল গান্ধীক সাক্ষাৎ কৰি অত্যুৎসাহী ভূপেন বৰাৰ ঘোষণা অসমলৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এছ আই টি গঠনৰ কথা ঘোষণা কৰিব ৰাহুল গান্ধীয়ে । ভূপেন বৰাই কয়, “দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনে যেনেকৈ কেৰাণী-মহৰী কেইজনমানক মাজে মাজে গ্ৰেপ্তাৰ কৰি নিজে যে এখন লুটপাতৰ স্বৰ্গ বনাই আছে, এই লুটপাতৰ বিৰুদ্ধে এখন এছ আই টি বনাই ৰাইজৰ কাঠগড়াত হিমন্ত বিশ্ব শৰ্মাক ঠিয় কৰোৱা হ’ব । আজি মই ৰাহুল গান্ধীৰ লগত এছ আই টি গঠন কৰা প্ৰসংগতো কথা পাতিছো । ২০২৫ত অসমলৈ ৰাহুল গান্ধী আহিব, আমি আমন্ত্ৰণ জনাইছো । এইবাৰ ৰাহুল গান্ধীয়ে অসমলৈ আহি অসমৰ ৰাইজৰ আগত ঘোষণা কৰিব আমাৰ চৰকাৰ গঠন হোৱাৰ এশ দিনৰ ভিতৰত এছ আই টি গঠন কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি দুৰ্নীতি-ভ্ৰষ্টাচাৰ ছিণ্ডিকেট গঠন কৰিছে তাৰ তদন্ত কৰা হ’ব ৷”