সৰুপথাৰ ১৬ ফেব্ৰুৱাৰী:ইজনৰ পিচত সিজন কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰিছে । শেহতীয়াকৈ কংগ্ৰেছ দলৰ দুগৰাকী বিধায়কে বিজেপিৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে । তেনে পৰিস্থিতিত অসম কংগ্ৰেছত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে একাংশ বিজেপি নেতাই দাবী কৰিছে যে অসম কংগ্ৰেছশূণ্য হ'ব । অৱশ্যে ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মা সদায় বিজেপিত থাকিব যে তাৰ গেৰাণ্টি নাই বুলি দাবী কৰিলে গৌৰৱ গগৈয়ে । ইফালে অসম ৰাজ্যিক বিজেপিত পুৰণি নেতাসকলৰ স্থান নাই বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ হৈ কাম কৰিছে আৰু কংগ্ৰেছৰ হৈ পুৰণি বিজেপিক ছাফাই কৰিছে । কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে পুৰণি বিজেপিসকল টিকটৰ পৰা বঞ্চিত হ'ল বুলিও গৌৰৱ গগৈয়ে দাবী কৰে ।