অসম

assam

ETV Bharat / state

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কিয় 'ক্ৰেডিট মংগাৰ' আখ্যা দিলে ভূপেন বৰাই - APCC PRESIDENT BHUPEN BORAH

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰামৰ জনমূৰি আয় অতিক্ৰম কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

APCC President Bhupen Borah
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 8:15 PM IST

গুৱাহাটী: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক 'Credit Monger' আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । পহিলা জানুৱাৰীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কৰা মন্তব্যৰ প্ৰসংগত ভূপেন বৰাই 'CM'ৰ অৰ্থত হিমন্ত বিশ্ব শৰ্মাক 'Credit Monger' আখ্যা দিয়ে । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ভূপেন বৰাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয়, "ধাৰ লোৱাটো যিজনে নিজৰ যোগ্যতা আৰু প্ৰতিপত্তি বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে তেওঁ হৈছে 'Credit Monger' অৰ্থাৎ 'CM' । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আগতে কৈছিল যে অসম ভাৰতবৰ্ষৰ শীৰ্ষৰ পাঁচখন ৰাজ্যৰ এখন হ'ব । কিন্তু জিডিপিৰে শীৰ্ষত থকা দেশৰ দহ ৰাজ্যৰ তালিকাতে অসমৰ নাম নাই ।"

"আনহাতে মুখ্যমন্ত্রীয়ে কৈছে যে ২০২৮ চনত যিজন মুখ্যমন্ত্রী থাকিব তেওঁ ১০ লাখ কোটি টকা ঋণ ল'ব পাৰিব । কিন্তু মুখ্যমন্ত্রীয়ে অসমৰ জি এছ ডি পিৰ কথা নকয় । যিখন ৰাজ্যৰ বৰ্তমানৰ জি এছ ডি পি ৬,৪৩,০৮৯ কোটি সেইখন ৰাজ্যই ২০২৮ চনত কেনেকৈ ১০ লাখ কোটি টকাৰ ঋণ ল'ব পাৰিব । সেই কথা হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক বিতং ভাৱে বুজাই দিয়াৰ বাবে আহ্বান জনাইছো । মুখ্যমন্ত্রীয়ে লগতে কৈছে যে আসাম ইজ চাইনিং । অৰ্থাৎ অসম উজলিছে । ২০০৪ চনত বাজপেয়ীৰ নেতৃত্বত ইণ্ডিয়া চাইনিং বুলি শ্লোগান দিয়াৰ সময়ত মনোমোহন সিঙৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ আহিছিল । এতিয়া মুখ্যমন্ত্ৰীয়ে অসম চাইনিং বুলি দিয়া শ্লোগানৰ পৰা আমি বুজি পাইছো যে ২০২৬ত কংগ্ৰেছৰ চৰকাৰ আহিব । অৱশ্যে মুখ্যমন্ত্রীৰ লগতে তেওঁৰ লগত থকা কেইজনমান ছিণ্ডিকেট মাষ্টাৰ আৰু কেইজনমান অনাঅসমীয়া ঠিকাদাৰৰ চাইনিং হৈছে । অসমৰ চাইনিং হোৱা নাই । অসমৰ জিডিপিৰ ৪৮ শতাংশ ঋণ লৈ আছে ।" বৰাই লগতে কয় ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল (ETV Bharat Assam)

ৰাজ্যৰ জনমূৰি আয়ৰ প্ৰসংগত তেওঁ কয়, "অসমৰ এজন ব্যক্তিৰ বাৰ্ষিক আয় ১,৩৫,৭৮৭ টকা । অসমৰ লোকৰ চাইনিং হোৱা নাই, আৰ্থিক বিকাশ হোৱা নাই । জনমূৰি আয়ৰ ক্ষেত্রত অসম চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰামতকৈ পিছত আছে । মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে সামৰ্থ আছে যদি ২০২৬ চনৰ ভিতৰত জনমূৰি আয়ৰ ক্ষেত্রত অৰুণাচলক অতিক্ৰম কৰি দেখুওৱাক । লগতে মেঘালয় আৰু মিজোৰামক । মুখ্যমন্ত্রীয়ে তথ্য বিভ্ৰান্ত কৰা বাবে আমি এই কথাখিনি কৈছো । ২০২১ চনৰ ১০ মে'ত মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছিল । মুখ্যমন্ত্ৰীৰ কাৰ্যকাল আজিৰ পৰা ৪৯০ দিন আছে । আমি কাউণ্ট-ডাউনৰ ঘড়ী বনাবলৈ দিছো । মুখ্যমন্ত্রীৰ কাৰ্যকাল ৪০০ দিন থকাৰ দিনা ৰাজীৱ ভৱনত আমি কাউণ্ট ডাউনৰ ঘড়ীটো লগাম । অসমৰ প্ৰত্যেকটো জিলা কংগ্ৰেছৰ কাৰ্যালয়ত লগাম ।"

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ :

পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত ভূপেন বৰাই কয়, "পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু । আজি চাৰ্কুলাৰ যাব । আমি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ পৰা আনুষ্ঠানিক আবেদন গ্ৰহণ কৰিম । পুহ মাহৰ পাছতে আমি ব্যাপক সাংগঠনিক ৰদ-বদল আৰম্ভ কৰিম । দলৰ কৰ্মীসকলক এটা কথা জনাইছো যে যোগ্যজনক যোগ্য স্থান দিয়া হ'ব । দলৰ স্বাৰ্থত ৯৫ শতাংশ ৰদ-বদল হ'ব । ব্লকৰ পৰা ৰাজ্যিক পৰ্যায়লৈ ব্যাপক সাংগঠনিক ৰদ-বদল হ'ব । কোনোবা বাদ পৰিলেও দলত কাম কৰাৰ সন্মান দিয়া হ'ব ।"

শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ নকৰাৰ প্ৰসংগ :

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিধায়ক পদ বাহাল ৰখাকলৈ ভূপেন বৰাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, "অসম বিধানসভাৰ অধ্যক্ষই শ্বেৰমান আলীৰ বিৰুদ্ধে আমাৰ গোচৰ প্ৰত্যাখান কৰিছে । অসম বিধানসভাৰ ইতিহাসত অধ্যক্ষগৰাকীয়ে এটা অতি অদক্ষ সিদ্ধান্ত লৈছে । এই অদক্ষ সিদ্ধান্তই বিজেপিক বিপদত পেলাব । কাৰণ আমি অসম আন্দোলনৰ শ্বহীদক অপমান কৰাৰ বাবে শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰি তেওঁৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে কোৱা হৈছিল । কিন্তু অসম বিধানসভাৰ অধ্যক্ষই ৰাজনৈতিকভাৱে অদক্ষ সিদ্ধান্ত ল'লে । মুখ্যমন্ত্রীৰ কথা মতে তেওঁ বিধায়কগৰাকীক সুৰক্ষা দিয়াতে ব্যস্ত নহয়, তেওঁ অসমৰ জাতীয় শ্বহীদসকলক অপমান কৰিছে জাতীয় সত্বাক অপমান কৰিছে । আমি আশা কৰিম যে সেই সংগঠনবোৰে যাতে বিধানসভাৰ অধ্যক্ষগৰাকীৰ এই সিদ্ধান্তটোৰ প্ৰতি চকু দিব । অধ্যক্ষগৰাকীৰ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই আমি কংগ্ৰেছ দলে ন্যায়ালয়ৰ ওচৰলৈ যাম । প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম ।"

লগতে পঢ়ক:পহিলা জানুৱাৰীতে মিছা মাতিলে মুখ্যমন্ত্ৰীয়ে: তথ্য় সহকাৰে উদঙালে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details